/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5dc6e435-03c3-473b-8565-22381463ed05/fire.jpg)
ডিজিটেল সংবাদ, ধেমাজি : ধেমাজি উপায়ুক্তৰ কাৰ্যালয়ত শ্বৰ্ট চাৰ্কিট হৈ সোমবাৰে মাজনিশাই হোৱা এক অগ্নিকাণ্ডত জ্বলিল ২ খন স্কুটি মটৰচাইকেল এখন চাইকেল আৰু অতিৰিক্ত উপায়ুক্ত যাদব পেগুৰ বলেৰ' গাড়ীৰ অৰ্ধাংশ জ্বলে । ঘটনাৰ তথ্যমতে মাজনিশাই উপায়ুক্ত কাৰ্য্যালয়ৰ নিৰাপত্তাৰক্ষীৰ কোঠাৰ কাষৰ পৰাই সংঘটিত এই অগ্নিকাণ্ড ৷
নিশা হোৱা অগ্নিকাণ্ডৰ সময়ত ধেমাজি উপায়ুক্তৰ কাৰ্য্যলয়ত কোনো জুই নোমোৱা সজুলি নোহোৱা বাবে নিৰাপত্তাৰক্ষীয়ে উপায়ন্তৰ হৈ বৰষুণৰ পানীৰে জুই নুমুৱাবলৈ উঠি পৰি লাগে ৷ অৱেশ্যে পৰৰ্বতী পৰ্য্যায়ত অগ্নিনিৰ্বাহক বাহিনী গাড়ীয়ে আহি জুই নুমুৱাবলৈ সক্ষম হয় ৷ উল্লেখ্য যে ধেমাজি উপায়ুক্তৰ কাৰ্য্যালয়ত অগ্নি নিৰ্বাপনৰ বাবে কোনো সঁজুলি নথকাৰ বাবেই সংঘটিত এই অগ্নিকাণ্ড ।