
ডিজিটেল সংবাদ, দুমুনিচকী: কামৰূপ জিলাৰ বেজেৰাত শনিবাৰে দুপৰীয়া এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। বেজেৰা-বাইহাটা চাৰিআলি পথৰ ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত হোৱা উক্ত অগ্নিকাণ্ডত নিমিখতে জুইত জাহ যায় কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান।
প্ৰত্যক্ষদৰ্শী লোকৰ পৰা জানিব পৰামতে, এখন কাঠৰ দোকানৰ পৰা উক্ত অগ্নিকাণ্ডৰ সুত্ৰপাত হয়। দিন দুপৰতে সংঘটিত হোৱা উক্ত অগ্নিকাণ্ডৰ বিষয়ে বাইহাটা চাৰিআলিস্থিত অগ্নি নিৰ্বাপক বাহিনীক অবগত কৰাত ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় অগ্নি নিৰ্বাপক বাহিনীৰ বাহন।
বাইহাটা চাৰিআলিৰ অগ্নি নিৰ্বাপক বাহিনীৰ ২খন বাহনৰ লগতে উত্তৰ গুৱাহাটী, ৰঙিয়া, দৰং জিলাৰ দুনী, ছিপাঝাৰ আদি অঞ্চলৰ পৰা কেইবাখনো বাহন ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰে। কেইবাখনো অগ্নিনিৰ্বাক বাহিনীৰ বাহনে প্ৰায় ২ ঘন্টা ধৰি চেষ্টা চলোৱাৰ পিছত অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও মায়া মেগা মাৰ্ট নামৰ ব্যৱসায়িক প্ৰতিষ্ঠান খনৰ লগতে আন কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভষ্মীভূত হয়।