এজাহাৰ দিয়াৰ প্ৰতিযোগিতা চলিছেঃ তেলংগানাৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ অসমৰ বিজেপি বিধায়কৰ…

এজাহাৰ দিয়াৰ প্ৰতিযোগিতা চলিছেঃ তেলংগানাৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ অসমৰ বিজেপি বিধায়কৰ…

author-image
asomiyapratidin
New Update
এজাহাৰ দিয়াৰ প্ৰতিযোগিতা চলিছেঃ তেলংগানাৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ অসমৰ বিজেপি বিধায়কৰ…

ডিজিটেল ডেস্কঃ তেলেংগানা প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে হায়দৰাবাদৰ জুবিলী আৰক্ষী থানাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ পিছতে এইবাৰ অসমত তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে এজন বিজেপি বিধায়কে। কমলপুৰৰ বিজেপি বিধায়ক দিগন্ত কলিতাই বুধবাৰে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছে।

Advertisment

দেশৰ সাৰ্বভৌমত্ব আৰু সেনাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰাৰ লগতে সেনাক সন্দেহ কৰাৰ বাবে তেওঁ এই গোচৰ ৰুজু কৰিছে কে চন্দ্ৰশেখৰ ৰাওৰ বিৰুদ্ধে। উল্লেখ্য যে পাকিস্তানৰ বিৰুদ্ধে ভাৰতীয় সেনাই চাৰ্জিকেল ষ্ট্ৰাইক কৰা কাৰ্যৰ প্ৰমাণ বিচাৰিছিল তেলেংগানাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে। দেশৰ সেনাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি কৰা মন্তব্যকো গৰিহণা দিছে দিগন্ত বিধায়ক কলিতাই।

উল্লেখ্য যে, পাকিস্তানৰ বিৰুদ্ধে চাৰ্জিকেল ষ্ট্ৰাইক কৰা সম্পৰ্কে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে প্ৰশ্ন উত্থাপন কৰিছিল। ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উত্তৰাখণ্ডৰ এক নিৰ্বাচনী সভাত ৰাহুল গান্ধীক সেই বিষয়ে সমালোচনা কৰি বিতৰ্কিত মন্তব্য আগবঢ়াইছিল আৰু তাৰ পিছৰ পৰাই দেশৰ ৰাজনৈতিক মহলত সমগ্ৰ বিষয়টোৱে চৰ্চা লাভ কৰিছিল।

assam himanta biswa sarma