/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী: মৰিগাঁও বিদেশী ন্যায়ধীকৰণৰ এগৰাকী মহিলাক মাজনিশা কোনো অজ্ঞাত ব্যক্তিয়ে শ্লীলতাহানীৰ চেষ্টা কৰিছিল। এই সন্দৰ্ভত মৰিগাঁও সদৰ থানাত দাখিল কৰা হৈছে এজাহাৰ। ২২ জুন ২০২২ ৰ পুৱা দাখিল কৰা এজাহাৰত উল্লেখ কৰা হৈছে যে পুৱতি নিশা ৩ বজাত কোনো অজ্ঞাত লোকে তেওঁৰ ভাড়াঘৰত প্ৰৱেশ কৰি এনে অপচেষ্টা কৰে।
এজাহাৰত উল্লেখ থকা মতে তেওঁ সেই নিশা শুই থকাৰ সময়ত ফুলবাৰী ৱাৰ্ড নম্বৰ ৮ ৰ ভাড়াঘৰত প্ৰৱেশ কৰিছিল এজন অজ্ঞাত লোকে। কোনোবাই তেওঁক চুব খোজাত সাৰ পাই কোনোমতে নিজকে ৰক্ষা কৰে যদিও লাইট বন্ধ থকাৰ বাবে সেই ব্যক্তিজনক চিনাক্ত কৰিব নোৱাৰিলে।
তাৰ পাছতে আপত্তিজনক সামগ্ৰী লৈ ভাড়াঘৰত প্ৰৱেশ কৰা লোকজনে দৌৰি কোঠাটোৰ পৰা পলাই যায়। হুলুস্থুল শুনি কাষত থকা কিছু লোক আহি তেওঁক কোঠা পায়হি আৰু তেওঁৰ বেগৰ পৰা এই অচিনাক্ত ব্যক্তি গৰাকীয়ে ৩৫০০ টকা লৈ যোৱা বুলি উল্লেখ কৰা হৈছে এজাহাৰত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/sssss.jpg)
লগতে তেওঁৰ সোণৰ আ-অলংকাৰো টেবুলৰ পৰা লৈ উঠাও হয়। এই ঘটনা সন্দৰ্ভত মৰিগাঁও জিলাৰ এজন উচ্চ পদস্থ আৰক্ষী বিষয়াক অৱগত কৰা হৈছিল যদিও তেওঁ কোনো সহায় নকৰা বুলিও অভিযোগ কৰা হৈছে।
বিদেশী ন্যায়ধীকৰণ একৰ সদস্য গৰাকীয়ে এজাহাৰত উল্লেখ কৰা মতে কিছুদিনৰ পৰা ধাৰাবাহিক ভাৱে কিছুমান নম্বৰৰ পৰা তেওঁলৈ ফোন আৰু হোৱাটচএপ ফোন কৰি আছিল। সেই নম্বৰ কেইটা হ'ল ৬৯০১৮৫৫০২৪, ৯০৬৩১৮৩৬৭২ আৰু ৬০০২৭৮৩৭৬৮।
এই সন্দৰ্ভত এজাহাৰ দাখিলৰ লগতে সমগ্ৰ ঘটনাৰ বিষয়ে গৃহ বিভাগৰ আয়ুক্ত সচিবৰ ওচৰতো অভিযোগ দাখিল কৰিছে। মৰিগাঁও আক্ষীয়ে এই সংক্ৰান্তত ২২৬/২০২২ নম্বৰৰ এক গোচৰ পঞ্জীয়ন কৰিছে। আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি ৪৪৮/৩৮৩/৩৫৪এ/৩৫৪ডি ধাৰাত গোচৰ ৰুজু কৰিছে যদিও এতিয়ালৈকে অপৰাধীক কৰায়ত্ব কৰিব পৰা নাই।
যদি বিদেশী ন্যায়ধীকৰণৰ এগৰাকী মহিলাৰে এই অৱস্থা হয় তেতিয়াহ'লে সাধাৰণ নাৰীৰ নিৰাপত্তা ক'ত? আনহাতে নিশা মহিলা গৰাকীৰ বাসগৃহত কেনেকৈ দুৰ্বৃত্তই প্ৰৱেশ কৰিলে তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে।
নিৰাপত্তাৰক্ষী থকাৰ পাছতো কেনেকৈ নিশা ঘৰত প্ৰৱেশ কৰিবলৈ পালে দুৰ্বৃত্তই এয়া এক গুৰুত্বপূৰ্ণ বিষয়।
ইফালে মৰিগাঁও আৰক্ষী অধীক্ষকে এই ঘটনা সন্দৰ্ভত ৰহস্যজনক ভাৱে ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ উঠিছে। সমগ্ৰ বিষয়টো মৰিগাঁৱত ব্যপক চাঞ্চল্যৰ সৃষ্টি হৈছে।