বিজেপিৰ মহিলা কৰ্মীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ৰাণা গোস্বামীৰ বিৰুদ্ধে এজাহাৰ...

বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ কৰ্কথনা--শিৱসাগৰ বিজেপিৰ মহিলা মৰ্চাই দাখিল কৰিলে এজাহাৰ

author-image
Asomiya Pratidin
New Update
বিজেপিৰ মহিলা কৰ্মীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ৰাণা গোস্বামীৰ বিৰুদ্ধে এজাহাৰ...

ডিজিটেল সংবাদ, শিৱসাগৰ: অংকিতা দত্তৰ প্ৰসংগত মুখ্যমন্ত্ৰী ড° হিমন্তৰ বিশ্ব শৰ্মাক উত্তৰ দিবলৈ গৈ বিপদত পৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী মুখ্যমন্ত্ৰীয়ে অংকিতা প্ৰসংগত কৰা টিপ্পনিৰ উত্তৰ দিবলৈ গৈ দুদিনৰ পূৰ্বে শিৱসাগৰত ৰাণা গোস্বামীয়ে বিজেপিৰ বিবাহিত মহিলা কৰ্মী পৰ-পুৰুষৰ লগত সম্পৰ্ক ৰখা বুলি বিস্ফোৰক মন্তব্য কৰিছিল।

Advertisment

এতিয়া ইয়াকে লৈ জাঙুৰ খাই উঠিছে বিজেপিৰ সভাপতিৰ লগতে বিজেপিৰ মহিলা মৰ্চা।বুধবাৰে দলীয় সাংগঠনিক কামত শিৱসাগৰৰ বিজেপি কাৰ্যালয়লৈ আহিছে অসম বিজেপিৰ সভাপতি ভৱেশ কলিতা। কলিতাই ৰাণা গোস্বামীৰ এনে মন্তব্য দুৰ্ভাগ্যজনক আৰু মহিলাৰ সন্মানৰ পৰিপন্থী বুলি উল্লেখ কৰি এজন ৰাজনৈতিক নেতাই ৰাজহুৱা স্থানত কথা ক'লে শব্দ আৰু বাক্যৰ উচিত প্ৰয়োগ কৰিব লাগে বুলি অসন্তুষ্টি প্ৰকাশ কৰে।

এনে কথা গৰ্হিত আৰু মহিলাৰ সন্মানৰ পৰিপন্থী বুলিও তেওঁ উল্লেখ কৰে।আনহাতে ৰাণা গোস্বামীৰ বিজেপিৰ মহিলা কৰ্মীক উদ্দেশ্য কৰি কৰা এনে বিতৰ্কিত মন্তব্যক লৈ জাঙুৰ খাই উঠিছে শিৱসাগৰ বিজেপিৰ মহিলা মৰ্চা।আজি শিৱসাগৰ জিলা বিজেপিৰ মহিলা মৰ্চাই কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ বিৰুদ্ধে এক এজাহাৰ দাখিল কৰে।

এজাহাৰত মহিলা মৰ্চাৰ সভানেত্ৰী ববী কাকতিকে ধৰি ৪২ গৰাকী মহিলা কৰ্মকৰ্তাই স্বাক্ষৰ কৰি গোস্বামীৰ এই মন্তব্য মহিলাৰ বাবে লজ্বাজনক বুলি উল্লেখ কৰি এনে মন্তব্যই বিজেপি মহিলা কৰ্মীৰ লগতে সকলো নাৰীৰ বাবে এক অপমান বুলি উল্লেখ কৰে।

এনে মন্তব্যই মহিলা সকলৰ ঘৰত অনাস্থা আৰু অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিব পাৰে বুলি উল্লেখ কৰি বিজেপি মহিলা কৰ্মীৰ সন্মান হানি হোৱা বুলি অভিযোগ আনে।শিৱসাগৰ আৰক্ষীক গোস্বামীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ আহবান জনায় শিৱসাগৰ বিজেপিৰ মহিলা মৰ্চাই।আনহাতে আজি সভাপতি কলিতাই অংকিতাৰ প্ৰসংগত অজ্ঞতা প্ৰকাশ কৰি বিজেপিৰ সৈতে তেওঁ যোগাযোগ নাই কৰা বুলি সদৰী কৰে।

Also Read: মাজুলীত বিভিন্ন দাবীৰ সমৰ্থনত অংগনৱাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদ