ৰাহুল গান্ধীৰ বিৰুদ্ধে ১০০০ ৰো অধিক এজাহাৰ…

ৰাহুল গান্ধীৰ বিৰুদ্ধে ১০০০ ৰো অধিক এজাহাৰ…

author-image
asomiyapratidin
New Update
ৰাহুল গান্ধীৰ বিৰুদ্ধে ১০০০ ৰো অধিক এজাহাৰ…

ডিজিটেল ডেস্ক: কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে ১০০০ তকৈ অধিক এজাহাৰ দাখিল বিজেপিৰ। বিজেপি যুৱ মৰ্চা (অসম) সোমবাৰে দাবী কৰে যে তেওঁলোকৰ কৰ্মকৰ্তাই কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ এটি টুইটৰ বিৰোধিতা কৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত এজাহাৰ দাখিল কৰিছে। অৱশ্যে বৰ্তমান সময়লৈকে কোনো আৰক্ষী থানাই কোনো ধৰণৰ গোচৰ ৰুজু কৰা নাই।

উল্লেখ্য যে, ৰাহুল গান্ধীৰ এটি টুইটৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিজেপি যুৱ মৰ্চা আৰু ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চা। তাৰ পাছতেই তেওঁলোকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰায় ১০০০ অধিক এজাহাৰ দাখিল কৰিছে।

এজাহাৰত উল্লেখ কৰা অুসৰি ১০ ফেব্ৰুৱাৰীত ৰাহুল গান্ধীয়ে "ভাৰতবৰ্ষৰ শক্তি" বুলি সম্বোধন কৰি টুইটাৰত এটা পোষ্ট শ্বেয়াৰ কৰিছিল। সেই পোষ্টটোত কাশ্মীৰৰ পৰা কেৰালা আৰু গুজৰাটৰ পৰা পশ্চিমবংগ বুলি লিখিছিল। তাত নাছিল উত্তৰ পূৰ্বাঞ্চলৰ নাম।সেইবাবে ৰাহুল গান্ধীয়ে ভাৰতৰ মানচিত্ৰৰ পৰা উত্তৰ-পূ্ৱক বিচ্ছিন্ন কৰাৰ অভিযোগ উত্থাপন কৰি আৰক্ষীৰ কাষ চাপিছে বিজেপিৰ মৰ্চাই।

গান্ধীয়ে টুইটত লিখিছে যে, "আমাৰ ঐক্যত শক্তি আছে। সংস্কৃতিত থকা আমাৰ একতা, বিবিধতাত ঐক্য,ভাষাত ঐক্য,মানুহৰ মাজত ঐক্য, ৰাজ্য সমূহৰ মাজত থকা ঐক্য। কাশ্মীৰৰ পৰা কেৰালালৈ, গুজৰাটৰ পৰা পশ্চিম বংগলৈ। ভাৰতে প্ৰতিটো দিশতেই সুন্দৰ।ভাৰতৰ আত্মাক অপমান নকৰিব"।

ৰাহু গান্ধীৰ এই টুইটৰ পাছতেই জাঙুৰ খাই উঠিছে বিজেপি যুৱ মৰ্চা। উল্লেখ্য যে, ইয়াৰ পূৰ্বে এন এছ ইউ আইয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল।

rahul gandhi congress