বৈকুন্ঠী সত্ৰাধিকাৰ নাৰায়ণ চন্দ্ৰ গোস্বামীক লৈ সামাজিক মাধ্যমত অপমানসূচক মন্তব্য, ক্ষমা প্ৰাৰ্থনা…

বৈকুন্ঠী সত্ৰাধিকাৰ নাৰায়ণ চন্দ্ৰ গোস্বামীক লৈ সামাজিক মাধ্যমত অপমানসূচক মন্তব্য, ক্ষমা প্ৰাৰ্থনা…

author-image
asomiyapratidin
New Update
বৈকুন্ঠী সত্ৰাধিকাৰ  নাৰায়ণ চন্দ্ৰ গোস্বামীক লৈ সামাজিক মাধ্যমত অপমানসূচক মন্তব্য, ক্ষমা প্ৰাৰ্থনা…

ডিজিটেল সংবাদ, কমলাবাৰী: আগষ্ট মজুলীৰ ঐতিহ্যমণ্ডিত কমলাবাৰী সত্ৰৰ বৈকুণ্ঠগামী সত্ৰাধিকাৰ শংকৰদেৱ বঁটাবিজয়ী, সাহিত্য অকাদেমীৰ সন্মানৰে বিভূষিত সংস্কৃত পণ্ডিত নাৰায়ণ চন্দ্ৰ গোস্বামীক সামাজিক মাধ্যমত অপমান সূচক বক্তব্য কৰিছিল পৰাগ পৱন শৰ্মাই। গোস্বামী দেৱক সমালোচনা কৰা গোলাঘাট জিলাৰ মৰঙি নিবাসী পৰাগ পৱন শৰ্মাই মঙলবাৰে মাজুলী ভূমিত ৰাজহুৱাভাবে ক্ষমা ভিক্ষা মাগি নিজৰ কৃত কৰ্মৰ ভুল স্বীকাৰ কৰে৷

Advertisment

সত্ৰাধিকাৰ জনাক অশালীন বাক্যৰে সমালোচনা কৰাৰ পিছত মাজুলীৰ ৰাইজে পৰাগ পৱন শৰ্মাৰবৰাৰ বিৰূদ্ধে মজুলী আৰক্ষী থানাত এটি গোচৰ ৰুজু কৰে ৷ পণ্ডিতপ্ৰবৰ সত্ৰাধিকাৰ জনাক এগৰাকী ঘৃণনীয় সাম্প্ৰদায়িক ৰাজনীতি কৰা বিতৰ্কিত ব্ৰাহ্মণ বিদ্বেষী আদি শব্দ প্ৰয়োগ কৰি বিতৰ্কৰ সৃষ্টি কৰাক লৈ মাজুলীত উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷

সত্ৰীয়া সংস্কৃতিৰ স্বৰ্ণৰেখাৰ দৰে গ্ৰন্থৰ স্ৰষ্টা, ব্ৰজাৱলী ভাষাৰ ব্যাকৰণ, আদি কৰি ভালেকেইখন মূল্যবান গ্ৰন্থৰ ৰচনা কৰে এই বিশিষ্ট পণ্ডিতগৰাকী ডিব্ৰুগড়, গুৱাহাটী আৰু তেজপুৰ বিশ্ববিদ্যালয়ত এই গ্ৰন্থ পঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ উপৰিও তেখেতে অতিথি সমল বক্তাৰূপে তিনিখন বিশ্ববিদ্যালয়তে অংশগ্ৰহণ কৰিছিল৷ এনেএগৰাকী আধ্যাত্মিক গুৰু আৰু স্পষ্টবাদী সু বক্তাক মৃত্যুৰ পিছতো এনেদৰে অপমান কৰাটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়৷ এইলৈ যোৱা১৭ আগষ্টত কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰৰ চ'ৰাত ৰঙাচাহী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰামসাগৰ নাথৰ পৌৰহিত্যত এখনি সভা অনুষ্ঠিত হয় ৷

উক্ত সভাত বিষয়টি পুংখানু পুংখ ভাবে আলোচনা কৰি বিতৰ্ক সৃষ্টিকাৰী পৰাগ পৱন শৰ্মা বৰাৰ বিৰূদ্ধে স্থানীয় আৰক্ষী থানাত গোচৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷উক্ত সিদ্ধান্তমৰ্মে ২০ আগষ্টত মাজুলী আৰক্ষী থানাত এখনি এজাহাৰ দাখিল কৰাৰ পিচত মাজুলী আৰক্ষীয়ে অপৰাধীজনৰ বিৰুদ্ধে:৪৭উ এচ ১৫৩ এ আই পি চি ত গোচৰ ৰুজুকৰি প্ৰথম অৱস্থাত নিজে আহি উপস্থিত হোৱাৰ বাবে পৰাগ পৱন শৰ্মাবৰাক বাধ্য কৰায়৷ সেইমৰ্মে আজি শৰ্মা বৰা মাজুলী আৰক্ষী থানাত উপস্থিত হয় ৷

ইয়াৰ পিচতে আৰক্ষী থানাই শৰ্মা বৰা পৰা নিজা অভিযোগকাৰী সকলক খবৰদিয়াৰ লগতে থানাই নিজাববীয়াকৈ স্পষ্টীকৰণ গ্ৰহণ কৰে৷ সকলোৰে উপস্থিতিতিত শৰ্মাবৰাই নিজৰ কৃত কৰ্মৰ বাবে ভুল স্বীকাৰ কৰি অদূৰ ভবিষ্যতে এনে কৰ্মৰ পৰা বিৰত থাকিম বুলি স্বীকাৰ কৰে৷ তদুপৰি কমলাবাৰী সত্ৰৰ ডেকা সত্ৰাধিকাৰৰ ওচৰত অনাহকত পণ্ডিতপ্ৰবৰ সত্ৰাধিকাৰজনক বিতৰ্কৰ আওতালৈ অনাটো অপৰাধ বুলি বিবেচনা কৰি অপৰাধী পৰাগ পৱনে সত্ৰাধিকাৰ আৰু বৈষ্ণৱসকলৰ ওচৰত ক্ষমাভিক্ষা মাগে৷ ডেকা সত্ৰাধিকাৰগৰাকীয়েও প্ৰয়াত সত্ৰাধিকাৰ গৰাকীক এনেদৰে বিৰূপ সমালোচনাসকৰাত দুখ প্ৰকাশ কৰে ৷

কাইলৈ গোৰচৰীয়া সকল আৰু পৰাগ পৱন শৰ্মা বৰাই গোচৰটি উঠাই ল'বৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব৷ উল্লেখ্য যে মাজুলীৰ সত্ৰাধিকাৰৰ বিৰূদ্ধেও ইয়াৰ পূৰ্বে একাধিক বাৰ সামাজিক মাধ্যমত সমালোচনা কৰি বহু কেইজন লোকে মাজুলীৰ ৰাইজৰ ওচৰত ক্ষমা ভিক্ষা বিচাৰত মাজুলীবাসীয়ে মানৱীয়তাৰ খাতিৰত ক্ষমা কৰা বুলি আজি উপস্থিত থকা মাজুলীৰ প্ৰতিনিধি সকলে জানিবলৈ দিয়ে।

আৰু পঢ়ক: ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

assam majuli