মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সদগুৰু আৰু মন্ত্ৰী জয়ন্ত মল্লৰ বিৰুদ্ধে এজাহাৰ দাখিল

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সদগুৰু আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে এজাহাৰ দাখিল ।

author-image
Asomiya Pratidin
New Update
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সদগুৰু আৰু মন্ত্ৰী জয়ন্ত মল্লৰ বিৰুদ্ধে এজাহাৰ দাখিল

ডিজিটেল ডেস্ক: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সদগুৰু আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে এজাহাৰ দাখিল । বন আইন ১৯৭২ ভংগ কৰাৰ অপৰাধত এজাহাৰ দাখিল কৰে গোলাঘাটৰ সোণেশ্বৰ নৰহ আৰু প্ৰৱীণ পেগুয়ে।

Advertisment

শনিবাৰে নিশা কাজিৰঙা ভ্ৰমণ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সদগুৰু আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।

এজাহাৰত উল্লেখ কৰে যে, ''অতি পৰিতাপৰ কথা যে কাজিৰঙাৰ দাঁতিকাষৰীয়া সচেতন নাগৰিক হিচাপে আপোনাক দৃষ্টি গোচৰ কৰিবলৈ আমি বাধ্য হৈছোঁ যে, কাজিৰঙাৰ বাবে থকা " বন্যপ্ৰাণী সংৰক্ষণ আইন ১৯৭২" (Wildlife Protection Act 1972" ) উলংঘা কৰি স্বয়ং বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা , বিধায়ক জয়ন্ত মল্ল বৰুৱা , জগদীশ জগ্গী বাসুদেৱ (সদগুৰু)ক অনতি বিলম্বে গ্ৰেপ্তাৰ কৰি আইন সুৰক্ষা কৰাৰ মৌলিক কৰ্তব্য পালন কৰিবলৈ দাবী জনাইছো । অথবা মুখ্যমন্ত্ৰী তথা সজাতি দলটোক ৰাজহুৱাকৈ ক্ষমা খুজিবলৈ আইনীয় ব্যৱস্থা গ্ৰহণ কৰাৰো দাবী জনাইছো। অন্যথা কাজিৰঙাৰ পৰম্পৰাগত সুৰক্ষা নীতি বেআইনি ভাৱে শিথিল কৰা এই প্ৰৱণতাই ভৱিষ্যত দিনত কাজিৰঙাৰ বাবেই ভাবুকি হৈ ৰ'ব''।

'' ইয়াৰোপৰি উক্ত আইনৰ ভিত্তিতেই পৰ্যটকৰ বাবে নিৰ্ধাৰিত কৰা সময় অতিক্ৰম কৰি ৰাতি বিয়লি গাড়ীৰ লাইট জ্বলাই চালকৰ আসনত বহা তথাকথিত সদগুৰু জনাক কঠোৰ ভাৱে উক্ত আইনৰ আওতালৈ আনি বিচাৰাধীন কৰিবলৈও দাবী জনালোঁ''।

assam jayanta malla baruah himanta biswa sarma