মানসিকভাৱে অসুস্থ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল…

মানসিকভাৱে অসুস্থ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল…

author-image
asomiyapratidin
New Update
কেবিনেটত সিদ্ধান্তঃ এজন শিক্ষকে ৩০ দিনতকৈ বেছি ছুটী ল’লে অতিথি শিক্ষক নিযুক্তি…

 কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰাৰ অভিযোগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল এনএছইউআইৰ।

NSUI ৰ ৰাষ্ট্ৰীয় সম্পাদক ৰোশন লাল বিট্টুৱে অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আপত্তিজনক ভাষা ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি মহাৰাষ্ট্ৰৰ ৰামনগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। টুইটাৰৰ জৰিয়তে এই কথা জনাইছে ৰোশন লাল বিট্টুৱে।

তেওঁ লিখে যে, "মানসিকভাৱে অসুস্থ বিজেপি নেতা তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে কৰা অপমানজনক মন্তব্যৰ বিৰোধিতা কৰি এজাহাৰ দাখিল কৰিছো"। লগতে উচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাই নেতা গৰাকীয়ে।

উল্লেখ্য যে, শুকুৰবাৰে উত্তৰাখণ্ডৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কংগ্ৰেছৰ বিৰুদ্ধে বহু মন্তব্য কৰে। ৰাহুল গান্ধীয়ে পাকিস্তানত হোৱা চাৰ্জিকেট ষ্ট্ৰাইকৰ প্ৰমাণ বিচৰা প্ৰসংগ উত্থাপন কৰি শৰ্মাই কয় যে "আমি কেতিয়াবা প্ৰমাণ বিচাৰিছো নেকি তেওঁ ৰাজীৱ গান্ধীৰ পুত্ৰ বুলি'।


— Roshan Lal Bittu (@RoshanLalBittu) February 12, 2022

ইয়াৰ পাছতেই একাংশই এই মন্তব্যৰ বিৰোধিতা কৰিছে। কংগ্ৰেছে এই মন্তব্যৰ বিৰোধিতা কৰি দেশৰ বিভিন্ন স্থানত প্ৰতিবাদ সাব্যস্তও কৰা দেখা যায়।

bjp himanta biswa sarma congress