/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/pr.png)
ডিজিটেল ডেস্ক, লামডিং: পৌৰসভা নিৰ্বাচনক লৈ লামডিঙত চলিছে গৰম বতাহ ৷ নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত লামডিং থানাত এজেহাৰ দাখিল সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ৷
লামডিং পৌৰসভাৰ নিৰ্বাচনক লৈ বিজেপি কংগ্ৰেছৰ মাজত আৰম্ভ হৈছে বোকা চটিওৱা ৰাজনীতি ৷ মনোনয়পত্ৰ দাখিল কৰাৰ পিছতে লামডিঙত কংগ্ৰেছী প্ৰাৰ্থীৰ খবৰ ল'বলৈ উপস্থিত হয় নগাওঁ সাংসদ প্ৰদুৎ বৰদলৈ৷
সাংসদ গৰাকীয় উপস্থিত হৈ বিজেপিৰ বিৰুদ্ধে গুৰুত্ব অভিযোগ উত্থাপন কৰি কয় যে বিজেপিৰ একাংশ মাফিয়াই লামডিঙত গুণ্ডাৰাজ চলাইছে ৷ এই গুণ্ডাবাহিনীয়ে কংগ্ৰেছ প্ৰৰ্থীৰ ঘৰে ঘৰে এতিয়া ভয় ভাবুকি প্ৰদান কৰাৰ অভিযোগ তুলিছে ৷ বিশেষকৈ ১৩ নম্বৰ ৱাৰ্ড আৰু ১১ নম্বৰ ৱাৰ্ডৰ প্ৰাৰ্থীক ভাবুকি প্ৰদান কৰাৰ বিপৰীতে ইতিমধ্যে ১১ নম্বৰ ৱাৰ্ডৰ কংগ্ৰেছ প্ৰাৰ্থী ৰূপশী দেয়ে বিজেপিত যোগদান কৰিছে ৷
ইয়াৰোপৰি সাংসদগৰাকীয়ে বিজেপিৰ একাংশ কৰ্মীক লক্ষ্য কৰি কয় যে লামডিঙত এনেধৰনৰ ভাবুকি নচলিব এই ক্ষেত্ৰত লামডিঙ আৰক্ষীয়ে পদক্ষেপ গ্ৰহন কৰিব লাগিব ৷
আনফালে পৌৰসভাত উপস্থিত থকা লামডিঙ সম-সমণ্ডলৰ সম্পাদক অনিমেশ মিশ্ৰই সাংসদ গৰাকীক প্ৰত্যুত্তৰ দি কয় যে -গুণ্ডাবাহিনী বুলিলে কংগ্ৰেছক বুজাই, কংগ্ৰেছৰ দিনতেই গুণ্ডাগিৰি মাফিয়াৰাজ চলিছিল বাবেই ৰাইজেই বিপুল ভোট প্ৰদান কৰি বিজেপিক জয় কৰিছে ৷ অভিযোগ কৰিলেই নহ'ব প্ৰমান দিব লাগিব কাৰন অভিযোগত আমিও ক'ব পাৰো ৰাজ্যত অবৈধ কয়লা প্ৰদ্যুৎ বৰদলৈ চত্ৰছায়াত চলিছিল ৷
বৰ্তমান বিজেপী জয় হবলৈ কংগ্ৰেছক ভাবুকি দিয়াৰ প্ৰয়োজন নাই ৷ লামডিঙৰ ১৩ টা ৱাৰ্ডত বিজেপী জয় হোৱা নিশ্চত ৷ আনফালে সাংসদ গৰাকীয়ে কংগ্ৰেছ প্ৰাৰ্থীক ভাবুকি প্ৰদান দিয়াসকলৰ বিৰুদ্ধে এজেহাৰ দাখিল কৰে