ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে দেশদ্ৰোহিতাৰ গোচৰ ৰুজু...

ৰাজ্যিক বিজেপিৰ সভাপতিৰ বিৰুদ্ধে নগাঁও থানাত এজাহাৰ দাখিল। মঙলবাৰে ভৱেশ কলিতাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে ৩ গঞাই

author-image
Asomiya Pratidin
New Update
ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে দেশদ্ৰোহিতাৰ গোচৰ ৰুজু...

ডিজিটেল ডেস্কঃ ৰাজ্যিক বিজেপিৰ সভাপতিৰ বিৰুদ্ধে নগাঁও থানাত এজাহাৰ দাখিল। মঙলবাৰে ভৱেশ কলিতাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে ৩ গঞাই।

নগাঁও সদৰ আৰক্ষী থানাত গোচৰ ৰুজু হৈছে এই গোচৰ। দেশদ্ৰোহিতাৰ অভিযোগ উত্থাপন কৰি এই গোচৰ ৰুজু কৰিছে তিনিওজনে। ভৱেশ কলিতাৰ লগতে মুখ্যমন্ত্রীকো তদন্তৰ আওতালৈ অনাৰ দাবী ৩ গঞাৰ।

উল্লেখ্য যে, আজি ১৫ আগষ্ট স্বাধীনতা দিৱসৰ দিনা ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত কলিতাই ওলোটাকৈ পতাকা উত্তোলন কৰিছিল। ইয়াৰ পাছতেই সচেতন ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। তেওঁৰ এই কৰ্ম উদ্দেশ্যপ্ৰণোদিক বুলি কৈ এই গোচৰ দাখিল কৰিছে তিনিও।

Also Read: ডবকাৰ কান্থিলাংচু জলপ্রপাতত ছাত্ৰৰ ৰহস্যজনক মৃত্যু, আটক বন্ধু...

Assam police