ডবকাৰ কান্থিলাংচু জলপ্রপাতত ছাত্ৰৰ ৰহস্যজনক মৃত্যু, আটক বন্ধু...

ডবকাৰ কান্থিলাংচু জলপ্রপাতত ছাত্ৰৰ ৰহস্যজনক মৃত্যু, আটক বন্ধু...

ডিজিটেল ডেস্কঃ ডবকাৰ কান্থিলাংচু জলপ্রপাতত অঘটন। সোমবাৰে জলপ্ৰপাতটোত গা ধুবলৈ গৈ এজন ছাত্রৰ ৰহস্যজনক মৃত্যু হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

মৃত ছাত্রজন লংকাৰ আকাশ শীল বুলি চিনাক্ত হৈছে। ৮জন বন্ধুৰ সৈতে কান্থিলাংচুলৈ গৈছিল আকাশ। দ’ পানীত ডুবি মৃত্যু হোৱা বুলি মন্তব্য বন্ধুকেইজনৰ।

কিন্তু আকাশ শীলৰ মৃতদেহত আছিল আঘাতৰ চিন। তদুপৰি আৰক্ষীক খবৰ নিদিয়াকৈ বন্ধুকেইজনে লৈ গৈছিল মৃতদেহ। ডবকা পাওতে মৃতদেহ লৈ অৰিয়াঅৰি হৈছিল বন্ধুকেইজনৰ মাজত।

স্থানীয় ৰাইজৰ সন্দেহ হোৱাত খবৰ দিছিল ডবকা আৰক্ষীক আৰু তাৰপাছতেই ঘটনাস্থলীত উপস্থিত হৈ ডবকা আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহ। ইতিমধ্যে কাজিয়াত লিপ্ত হোৱা যুৱককেইজনক আটক কৰে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত।

ডবকাৰ কান্থিলাংচু জলপ্রপাতত ছাত্ৰৰ ৰহস্যজনক মৃত্যু, আটক বন্ধু...
ভাৰতৰ প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in