/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/b27bccc2-a0a0-4543-a5fd-af85e790a802/dhak.jpg)
financial scam in Dhakuakhana Marketing Society
ডিজিটেল সংবাদ, ঢকুৱাখনা : এক বিয়াগোম বিত্তীয় কেলেংকাৰীৰ সূত্ৰপাত ঘটিছে ঢকুৱাখনা মাৰ্কেটিং চছাইটিৰ অভ্যন্তৰত । ৰাজ্য চৰকাৰৰ পঞ্জীয়ন ভুক্ত ঢকুৱাখনা নগৰৰ মাজ মজিয়াত প্ৰায় ২বিঘা ভূখণ্ডত অৱস্থিত এই মাৰ্কেটিং চছাইটিখনৰ সভাপতি ৰাতুল গগৈৰ পৃষ্ঠপোষকতাত এই ভয়ংকৰ বিত্তীয় কেলেংকাৰী সংঘটিত হোৱাৰ প্ৰামানিক তথ্য পোহৰলৈ আহিছে "অসমীয়া প্ৰতিদিন ডিজিটেল"ৰূ অনুসন্ধান কালত ।
উন্মোচিত তথ্য মতে চছাইটিৰ স্থায়ী নৱ নিৰ্মিত বজাৰ গৃহ আবন্টনৰ বেলিকা সভাপতি ৰাতুল গগৈয়ে নিবনুৱা ব্যৱসায়ী সকলৰ পৰা অত্যাধিক পৰিমাণৰ অগ্ৰীম (চালামী) ধন ৰাশি নীতি বৰ্হিভূত ভাবে সংগ্ৰহ কৰি কুক্ষীগত কৰাৰ অভিযোগ উঠিছে । প্ৰাপ্ত তথ্য মতে সভাপতি গৰাকীয়ে চছাইটিৰ বজাৰ গৃহটো পৈত্রিক সম্পত্তি হিচাপে গণ্য কৰি লাখ লাখ টকা বজাৰৰ কোঠা প্ৰদানৰ অগ্ৰীম আমানত ধন হিচাবে নিবনুৱা সকলৰ পৰা দাবী কৰি সংগ্ৰহ কৰে ।
বজাৰ গৃহৰ ৬ নং কোঠাৰ ব্যৱসায়ী প্ৰফুল্ল বৰুৱাই কোঠাটো আৱন্টন লাভৰ বাবদ মুঠ ২ লাখ ৫০ হাজাৰ টকা আদায় দিয়ে সভাপতি ৰাতুল গগৈক । কিন্তু চতুৰ সভাপতি গৰাকীয়ে চছাইটিৰ নথিত মাত্ৰ ২ লাখ টকা আদায় দিয়া বুলিহে লিপিবদ্ধ কৰি ৰাখিছে । কিন্তু নিজা বেংক একাউণ্ট যোগে ব্যৱসায়ী গৰাকীৰ পৰা সংগ্ৰহ কৰা মুঠ ২ লাখ ৫০ হাজাৰ টকাৰ সবিশেষ খতিয়ান অনুসন্ধান কালত উপলব্ধ হৈছে ।
তেনেদৰে অন্য গৰাকী ব্যৱসায়ী হৰ গোবিন্দ কোঁচে সভাপতি ৰাতুল গগৈক দুখন একাউন্টৰ' পৰা চেক'ৰ জৰিয়তে মুঠ ৮ টা কিস্তিত ৫ লাখ ৫০ হাজাৰ টকা , ৰাজাক উদ্দীন আহমেদে ৫ লাখ টকা ,জ্যোতিষ্মান গগৈয়ে ৫ লাখ ৫০ হাজাৰ , অতুল কোঁচে ২লাখ , মাধ্যম আনচাৰীয়ে ২ লাখ , সমীৰ আলীয়ে ২লাখ টকা আৰু দীপাংকৰ খনিকৰে নগদ ২ লাখ টকা সভাপতি গগৈয়ে আদায় লৈছে চছাইটিৰ বজাৰ গৃহৰ কোঠা আবন্টন দিয়াৰ নামত ।
এনেদৰে গৰিষ্ঠ সংখ্যক ব্যৱসায়ীৰ পৰা সভাপতি গগৈয়ে পদ মৰ্যদাৰ অপব্যৱহাৰ কৰি অবৈধ ভাৱে বিশাল পৰিমাণৰ পুঁজি কুক্ষীগত কৰাৰ তথ্য "অসমীয়া প্ৰতিদিন ডিজিটেল"ৰ হাতলৈ আহিছে। উল্লেখ্য যে গগৈয়ে নগদ আৰু বেংকৰ চেক যোগে এনেকৈ সংগ্ৰহ কৰা বিশাল ধন ৰাশিৰ বিপৰীতে ব্যৱসায়ী সকলক বছৰ বছৰ অতিক্ৰমাৰ পাছতো কোনো ধৰণৰ ধন প্ৰাপ্তি ৰচিদ অথবা কোঠা আবন্টনৰ চুক্তি পত্ৰ (এগ্ৰিমেণ্ট) প্ৰদান কৰা হোৱা নাই।
যাৰ ফলত ব্যৱসায়ৰ স্থায়িত্ব লাভৰ পৰা বঞ্চিত হৈ তীব্ৰ মানসিক অশান্তিত ভোগী দিন কটাবলগীয়া হৈছে ব্যৱসায়ী সকলে।একাংশ ক্ষুব্ধ ভূক্তভোগী ব্যৱসায়ীয়ে অভিযোগ কৰা মতে চছাইটিৰ সুবিধাজনক ১২ টা দোকান গৃহৰ কোঠা সভাপতি গৰাকীৰ আত্মীয় স্বজন , কৰ্মচাৰী আদিৰ নামত আৱন্তন দি ভিতৰৰ বৈষম্যমূলক ভাবে গ্ৰাহক অহা যোৱা কৰাৰ সুচল পথ নথকা কোঠা সমূহ অন্য নিবনুৱা সকলক বৃহৎ পুঁজিৰ বিপৰীতে আৱন্তনেৰে চছাইটিত স্বেচ্ছাচাৰীৰাজ চলাই আহিছে সভাপতি গগৈয়ে।
চছাইটিখনৰ নিৰ্মীয়মান বজাৰ গৃহ থলুৱা নিবনুৱা সকলক আবন্টনৰ ক্ষেত্ৰত সভাপতি গৰাকীয়ে একনায়কত্বৰাজ চলাই কোৰোনাৰে ধন চপোৱাৰ নিৰ্লজ লুণ্ঠনৰাজ সন্দৰ্ভত অতিষ্ঠ ক্ষুব্ধ ব্যৱসায়ী সকলে কোঅপাৰেটিভ চচাইটিৰ তেজপুৰস্থিত মাণ্ডলিক যুটীয়া পঞ্জীয়ক এম এইছ চৌধুৰীক প্ৰামানিক তথ্য সহ অভিযোগ দাখিল কৰিছে । সংগৃহীত তথ্য মতে এই ভয়ংকৰ বিত্তীয় কেলেংকাৰী সন্দৰ্ভত অৱগত হৈ মাণ্ডলিক যুটীয়া পঞ্জীয়ক চৌধুৰীয়ে এই সন্দৰ্ভত এক বিভাগীয় তদন্তৰ ঘোষণা কৰিছে ।
পঞ্জীয়ক গৰাকীয়ে মেম' নং ZCTM 8/87/80 যোগে এই বৃহৎ বিত্তীয় অনিয়ম কেলেংকাৰীৰ তদন্ত কৰিবলৈ ঢকুৱাখনাৰ কোঅপাৰেটিভ চছাইটিৰ সহকাৰী পঞ্জীয়কৰ কাৰ্য্যালয়ৰ কনিষ্ঠ পৰিদর্শক দীপ কুমাৰ সন্দিকৈক নিৰ্দেশ দিছে । অহা ৭ দিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ দিয়া নিৰ্দেশৰ পৰৱৰ্তী সময়ত কি প্ৰতিবেদন দাখিল হয় তালৈ সতৰ্ক দৃষ্টি ৰাখিছে প্ৰাপ্য নথিৰ পৰা বঞ্চিত ভূক্তভোগী থলুৱা ব্যৱসায়ী আৰু ঢকুৱাখনাৰ সচেতন মহলে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us