/asomiyapratidin/media/media_files/2025/03/10/sYo9cXvNKzzPAHeENLRZ.jpg)
ডিজিটেল ডেস্কঃ বিত্তমন্ত্ৰী অজন্তা নেওগে আজি দাখিল কৰা বাজেটত ঘোষণা কৰা অনুসৰি ৰাজ্যত পুনৰ বৃদ্ধি পাব ‘অৰুণোদয়’ৰ হিতাধিকাৰীৰ সংখ্যা। ২০২৩ ৰ ডিচেম্বৰলৈ ৰাজ্যত ২৪ লাখ ‘অৰুণোদয়’ৰ হিতাধিকাৰী আছিল। ২০২৫-২৬ বিত্তীয় বৰ্ষত এই আঁচনিৰ অধীনত মুঠ হিতাধিকাৰীৰ সংখ্যা ৩৭.২ লাখলৈ বৃদ্ধি কৰাৰ লক্ষ্য ৰাখিছে।
আজি বাটেজ ভাষণত অজন্তা নেওগে কয়, 'অৰুণোদয়' মাথোঁ এখন আঁচনিয়ে নহয়, মহিলা সবলীকৰণ আৰু অর্থনৈতিক অন্তর্ভুক্তিকৰণৰ দিশত ই এক গণ আন্দোলন। যি অর্থনৈতিকভাৱে পিছপৰা লাখ লাখ পৰিয়ালৰ বিত্তীয় সুৰক্ষা আৰু মৰ্যাদা সুনিশ্চিত কৰিছে।
মাহে ১,২৫০ টকাকৈ হিতাধিকাৰীলৈ আগবঢ়োৱা এই আঁচনিখনক দেশৰ বহু ৰাজ্যই আর্হি হিচাপে গ্ৰহণ কৰিছে বুলিও উল্লেখ কৰি তেওঁ এই ক্ষেত্ৰত অসমে আন ৰাজ্যসমূহৰ বাবে বাটকটীয়াৰ ভূমিকা গ্রহণ কৰাৰ লগতে সমগ্ৰ দেশৰ বাবে এক উল্লেখনীয় দৃষ্টান্ত হিচাপে বিবেচিত হৈছে বুলি কয়।
তেওঁ কয়, মই আজি এই ঘোষণা কৰিবলৈ পাই অত্যন্ত সুখী যে বিধৱাসকলৰ পেঞ্চন যাতে 'অৰুণোদয়'ৰ সমপৰ্যায়ৰ হয় সেয়া নিশ্চিত কৰিবলৈ আমাৰ চৰকাৰে ৰাষ্ট্ৰীয় বিধৱা পেঞ্চন আঁচনিৰ হিতাধিকাৰীলৈ ট'প-আপ পেঞ্চন আগবঢ়াব।
বিত্তমন্ত্ৰীগৰাকীয়ে কয়, ২০২০ চনত ১৮ লাখ মহিলা হিতাধিকাৰীক সামৰি লোৱা এই আঁচনিয়ে ২০২৩ চনত ২৪ লাখ মহিলাক সামৰি লয়। ২০২৫-২৬ বিত্তীয় বৰ্ষত 'অৰুণোদয়' ৩.০ ৰ অধীনত হিতাধিকাৰীৰ সংখ্যা ৩৭.২ লাখলৈ বৃদ্ধি কৰিম বুলিও ঘোষণা কৰে বিত্তমন্ত্ৰীগৰাকীয়ে।
২০২৫ ৰ ৩১ মাৰ্চৰ ভিতৰত বড়োলেণ্ড প্ৰশাসনী অঞ্চলৰ বাহিৰে অন্যান্য অঞ্চলৰ বাবে চৰকাৰে এখন হিতাধিকাৰীৰ চূড়ান্ত তালিকা প্ৰস্তুক কৰাৰো লক্ষ্য লৈছে। এই আঁচনিৰ বাবে বাজেটত ৫ হাজাৰ কোটি আছুটীয়াকৈ ৰখাৰ প্ৰস্তাৱ লোৱা হৈছে।