আজি ঘোষণা হ’ব বিহালী সমষ্টিৰ বিধানসভা উপ-নিৰ্বাচনৰ অসম সন্মিলিত মৰ্চাৰ প্ৰাৰ্থীৰ নাম।
আবেলি ৪-০০ বজাত অসম সন্মিলিত মৰ্চাৰ সৰ্বদলীয় বৈঠক আহ্বান।
এই বৈঠকৰ অন্ততে চি পি আই এম এলৰ প্ৰাৰ্থী বিবেক দাসৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব।
সমষ্টিটোত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদানৰ বাবে বিহালীৰ কিছু সংখ্যক কংগ্ৰেছ নেতা- কৰ্মীয়ে দাবী তুলিছিল।
বিজেপি ত্যাগ কৰা জয়ন্ত বৰাৰ নামো কংগ্ৰেছ প্ৰাৰ্থীৰূপে চৰ্চালৈ আহিছিল।
কংগ্ৰেছৰ একাংশ শীৰ্ষ নেতাই প্ৰস্তাৱ কৰিছিল বৰাৰ নাম।
সকলো জল্পনা- কল্পনাৰ অন্ত পেলাই বিহালী সমষ্টিত অসম সন্মিলিত মৰ্চাৰ প্ৰাৰ্থী হ’ব বিবেক দাস।