নগাঁৱত বন্যাৰ্তৰ মাজত অনুসূচিত জাতি উন্নয়ন ব’ৰ্ডৰ ফিল্টাৰ বিতৰণ

নগাঁৱত বন্যাৰ্তৰ মাজত অনুসূচিত জাতি উন্নয়ন ব’ৰ্ডৰ ফিল্টাৰ বিতৰণ

author-image
asomiyapratidin
New Update
নগাঁৱত বন্যাৰ্তৰ মাজত অনুসূচিত জাতি উন্নয়ন ব’ৰ্ডৰ ফিল্টাৰ বিতৰণ

ডিজিটেল সংবাদ, বেবেজীয়া: বছৰটোৰ পহিলা বানে ৰাজ্যবাসীৰ মাজলৈ বিপদ মাতি আনিছে। নগাঁও জিলাতো বানৰ যথেষ্ঠ প্ৰভাৱ পৰিলক্ষিত হয়। বানে নিশাৰী,হাৰিয়া নৈৰ জলপৃষ্ঠ বৃদ্ধিৰ ফলত নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ বৰকলা, কচুপিত,তুলসীমুখ,ৰাঙলুমুখ,নৈপাম,বুঢ়াগোঁহাই আদি অঞ্চলসমূহ প্লাৱিত হোৱাৰ ফলত জনসাধাৰণে বিনিদ্ৰ ৰজনী কটাইছে ।

Advertisment

বৰকলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১৬টা আশ্ৰয় শিৱিৰ স্থাপন কৰা হৈছে । এই শিৱিৰসমূহত প্ৰায় দুই হাজাৰ লোকে আশ্ৰয় গ্ৰহণ কৰিছে ।

উল্লেখ্য যে বানাক্ৰান্ত ৰাইজৰ মাজত আজি নগাঁও জিলা অনুসূচিত জাতি উন্নয়ন পৰিষদৰ অধ্যক্ষ নৰেন দাসৰ লগতে সদস্যদ্বয় হীৰক জ্যোতি দাস আৰু অনুপম দাস তথা দক্ষিণপাট গাঁও পঞ্চায়তৰ সভাপতি যুগ প্ৰসাদ বৰদলৈয়ে বন্যাৰ্তলোকৰ বুজ লোৱাৰ লগতে ৩০টা পানী খোৱা ফিল্টাৰ বিতৰণ কৰে ।

আৰু পঢ়ক: অসমৰ সাহিত্য সংস্কৃতিত নৱ প্ৰজন্মই নেতৃত্ব গ্ৰহণ কৰিব লাগিব: কুলধৰ শইকীয়া

nagaon assam flood assam