কেনেকৈ ক্ৰয় কৰিব ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠানৰ টিকট, মূল্য শুনিলেই আচৰিত হ’ব আপুনি…

কেনেকৈ ক্ৰয় কৰিব ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠানৰ টিকট, মূল্য শুনিলেই আচৰিত হ’ব আপুনি…

author-image
asomiyapratidin
New Update
কেনেকৈ ক্ৰয় কৰিব ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠানৰ টিকট, মূল্য শুনিলেই আচৰিত হ’ব আপুনি…

ডিজিটেল ডেস্কঃ ১৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠান। গুৱাহাটীত অনুষ্ঠিত হ'ব লগা এই বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিব বলিউডৰ কেবাগৰাকী জনপ্ৰিয় অভিনেতা। বৃহস্পতিবাৰৰ পৰা ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠানত অংশ লোৱাৰ বাবে মুকলি কৰি দিয়া হৈছে টিকট। ৬৫ সংখ্যক ফিল্ম ফেয়াৰৰ টিকট উপলব্ধ হৈছে book my show নামৰ অনলাইন বুকিং চাইটটোত।

Advertisment

সৰুসজাইত অনুষ্ঠিত হ'ব লগা ৩০০ কোটি টকাৰ বাজেটৰ অনুষ্ঠানটোৰ বাবে নূন্যতম ১০০০ টকাৰ পৰা সৰ্বাধিক ৩ লাখ টকা পৰ্যন্ত টিকটৰ মূল্য। আন আন মূল্যৰ টিকটসমূহৰ মূল্য হৈছে ২৫০০, ৫ হাজাৰ, ১৫ হাজাৰ, এক লাখ, দুই লাখ টকা ইত্যাদি। উল্লেখ্য যে, নূন্যতম ১০০০ টকীয়া টিকটসমূহ কেৱল ছাত্ৰ-ছাত্ৰীৰ বাবেহে। এই সমূহ টিকটৰ নাম ৰখা হৈছে 'ব্ৰঞ্জ জ'ন'।

এদিনৰ বাবে বলিউডৰ চেলিব্ৰেটিৰে ভৰি পৰিব গুৱাহাটী। ইতিমধ্যে উপস্থিত থকাৰ কথা নিশ্চিত কৰিছে জনপ্ৰিয় অভিনেতা ৰণবীৰ সিং, বিকি কৌশল, আয়ুষ্মান খুৰাণা আৰু আলিয়া ভাট। ইফালে উপস্থিত থকাৰ সম্ভাৱনা আছে বলীউডৰ বাদশ্বাহ খ্যাত শ্বাহৰূখ খান, কৰণ জহৰ, ঋত্বিক ৰোশনকে আদি কৰি বহু জনপ্ৰিয় তাৰকা।