/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/dfdsf.jpg)
ডিজিটেল সংবাদ,শিলচৰ::পৰিবহন বিভাগ, আৰক্ষীৰ চকুত ধুলি দিবলৈ এইবাৰ সাৰ চিণ্ডিকেট চক্ৰৰ নতুন কৌশল ৷ কাছাৰ জিলাৰ বাবে বান সাহায্য পৰিবহন কৰা বুলি দেখুৱাই ট্ৰাকত অবৈধ সাৰ সৰবৰাহৰ নতুন কৌশল চিণ্ডিকেট চক্ৰৰ ৷
সাৰ ভৰ্তি ট্ৰাকত ডাঙৰকৈ On flood relief duty লিখি অবৈধ সাৰ সৰবৰাহ কৰাৰ সময়ত শুকুৰবাৰে কাছাৰৰ দিগৰখালত জব্দ হয় এখন সাৰ ভৰ্তি ট্ৰাক ৷ দিগৰখালত থকা এম ভি কমবিণ্ড চেক গেটত কৰ্মৰত কৰ্মচাৰীয়ে জব্দ কৰে সাৰভৰ্তি ট্ৰাকখন ৷ AS01NC- 7027 নম্বৰৰ ট্ৰাকখনত "On flood relief duty for Cachar" লিখি এম ভি কমবিন্দ চেকগেট পাৰ হোৱাৰ চেষ্টা চলাওতে গেটৰ কৰ্মচাৰী সকলে জব্দ কৰে সাৰ ভৰ্তি ট্ৰাক খন ৷
বৰপেটাৰ পৰা সাৰখিনি মিজোৰামলৈ নিয়াৰ পৰিকল্পনা কৰিছিল চিণ্ডিকেট চক্ৰটোৱে ৷সাৰৰ সৈতে ট্ৰাকখনৰ চালক আৰু এজন সহযোগীক আটক কৰে অভিযানকাৰী দলটোৱে ৷ ধৃত চালক গুৱাহাটী গড়চুকৰ আতাউৰ হুচেইন আৰু সহযোগী জন বৰপেটাৰ বুলি জনা গৈছে ৷ সম্প্ৰতি গুমৰা আৰক্ষী চকীত গতাই দিয়া হৈছে সাৰভৰ্তি ট্ৰাক আৰু ধৃতদ্বয়ক৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে৷
আৰু পঢ়ক: