ব্ৰহ্মপুত্ৰ জলস্তৰ বৃদ্ধি, বন্ধ মাজুলী ফেৰী সেৱা…

ব্ৰহ্মপুত্ৰ জলস্তৰ বৃদ্ধি, বন্ধ মাজুলী ফেৰী সেৱা…

author-image
asomiyapratidin
New Update
মাকৰ পিণ্ড দিবলৈ গৈ ব্ৰহ্মপুত্ৰত সলিল সমাধি দুই জ্য়েষ্ঠ-কনিষ্ঠ ভাতৃৰ

ডিজিটেল সংবাদ , ঢকুৱাখনা:  ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বিপদজনক ভাবে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত মাজুলী জিলাৰ জল পৰিবহন বিভাগৰ সকলো ধৰণৰ নৌকা চলাচল সম্পূৰ্ণ ভাবে বন্ধ ঘোষণা কৰিছে মাজুলী জিলা প্ৰশাসনে ।

আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কাৰ্যবাহী  অভিযন্তাৰ তথ্যৰ ভিত্তিত দেওবাৰে মাজুলী জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা যোগে বৰ্ধিত জল ৰাশি আৰু জনজীৱনলৈ লক্ষ্য ৰাখি মাজুলী জিলা প্ৰশাসনে পৰৱৰ্তী জাননী জাৰি নকৰা পৰ্যন্ত মাজুলীৰ পৰা সকলো ফেৰী সেৱা বন্ধ ঘোষণা কৰি ব্ৰহ্মপুত্ৰ নদী আৰু নদীৰ পাৰত জনসাধাৰণৰ চলাচল সম্পূৰ্ণ ভাবে নিষিদ্ধ ঘোষণা কৰিছে ।

আৰু পঢ়ক: নৃশংস! পুত্ৰ-কন্যা, পত্নীয়ে দাৰ ঘপিয়াই হত্যা কৰিলে আব্দুল মন্নাক…

assam majuli