অপৰাধৰ ঘাটিলৈ পৰিণত মহানগৰী, পুনৰ উদ্ধাৰ মহিলাৰ অৰ্ধগলিত মৃতদেহ…

অপৰাধৰ ঘাটিলৈ পৰিণত মহানগৰী, পুনৰ উদ্ধাৰ মহিলাৰ অৰ্ধগলিত মৃতদেহ…

author-image
asomiyapratidin
New Update
গোলাঘাটত জুইত জাহ গ’ল এটা ঘৰ, এখন স্কুটী…

ডিজিটেল ডেস্ক: গুৱাহাটীত আইন-শৃংখলাজনিত পৰিস্থিতি অৱনমিত। বিগত ২৪ ঘন্টাত মহানগৰীত ২৪ ঘণ্টাত পঞ্চমটো মৃত্যুৰ খবৰ পোহৰলৈ আহিছে।

Advertisment

বাঘৰবড়িত উদ্ধাৰ মহিলাৰ অৰ্ধগলিত মৃতদেহ। উদ্ধাৰ হোৱা মৃতদেহটো কাবেৰী হাজৰিকাৰ বুলি চিনাক্ত কৰা হৈছে। গংগা শান্তি এপাৰ্টমেণ্টত উদ্ধাৰ কাবেৰী হাজৰিকাৰ মৃতদেহ।

অন্যহাতে বাঘৰবড়িতে মুৰ্মূৰ্ষু অৱস্থাত উদ্ধাৰ আন এগৰাকী মহিলা। মুৰ্মূৰ্ষু অৱস্থাত উদ্ধাৰ বীণাৱালা হাজৰিকা নামৰ মহিলাগৰাকীক। ঘটনাস্থলীত উপস্থিত দিছপুৰ আৰক্ষীসহ ৰাজহচক্র বিষয়া।বীণাৱালা হাজৰিকাক চিকিৎসালয়লৈ প্রেৰণ কৰা হয়।

ইয়াৰ পূৰ্বে পুৱা গান্ধীবস্তি আৰু বামুণীমৈদামত দুটাকৈ মৃতদেহ উদ্ধাৰ হয়। দেওবাৰে সন্ধিয়া বৰাগাঁৱত সংঘটিত হৈছিল হত্যাকাণ্ড।

আৰু পঢ়ক: বকোত পুৱাই গাড়ীসহ চোৰাং গৰু জব্দ: আটক ৭ জন…

murder crime guwahati