আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰা শিক্ষক পাৰ্থ প্ৰতিম দাসক সম্বৰ্ধনা…

আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰা শিক্ষক পাৰ্থ প্ৰতিম দাসক সম্বৰ্ধনা…

author-image
asomiyapratidin
New Update
আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰা শিক্ষক পাৰ্থ প্ৰতিম দাসক সম্বৰ্ধনা…

ডিজিটেল সংবাদ, বেবেজিয়া: পশ্চিমবংগৰ বোলপুৰ শান্তিনিকেতনৰ সৃজনী শিল্পগ্ৰামত তা-থেই ডাঞ্চ একাডেমীয়ে Eastern Zonal Cultural Centre, Ministry of Cultural, Government of India ৰ সহযোগত অনুষ্ঠিত ৰবীন্দ্ৰ মহোৎসৱ-২০২২ ত দুটিকৈ আন্তঃৰাষ্ট্ৰীয় সন্মান লাভেৰে নগাঁৱলৈ গৌৰব কঢ়িয়াই আনে শিক্ষক পার্থ প্ৰতিম দাসে।

বুধবাৰে তেওঁক কৈৱৰ্ত নৱজাগৰণ সাহিত্য আৰু সামাজিক মঞ্চ, কৈৱৰ্ত সাহিত্য আৰু সাংস্কৃতিক সভা, নগাঁও জিলা সমিতি, অসম অনুসূচিত জাতি যুৱ ছাত্ৰ সন্থাকে আদি কৰি বিভিন্ন সংগঠনে তেওঁৰ দক্ষিণপাট স্থিত বাসগৃহত উপস্থিত হৈ শিক্ষক গৰাকীক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে অভিনন্দন জ্ঞাপন কৰে।

উল্লেখযোগ্য যে আন্তঃৰাষ্ট্ৰীয় নৃত্য মহোৎসৱত অসমক প্ৰতিনিধিত্ব কৰা নগাঁৱৰ পাৰ্থ প্ৰতিম দাসে ভোৰতাল নৃত্য আৰু সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ এটি গীতত প্ৰদৰ্শন কৰিছিল নৃত্য। তাৰ উপৰিও তেওঁৰ ছাত্ৰী বেদাংগনা কাশ্যপে অসমৰ বিহু নৃত্য আৰু লতা মংগেশকাৰৰ গীতত নৃত্য প্ৰদৰ্শন কৰি দুটি আন্তঃৰাষ্ট্ৰীয় ৰবীন্দ্ৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল।

আৰু পঢ়ক : পৌৰ নিৰ্বাচনৰ প্ৰচাৰৰ সমদলত স্তব্ধ মহানগৰী, বিকল্পৰ আশাত সদস্য নোহোৱাকৈ ওলাই আহিল বহু লোক

nagaon assam