/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/99185759-c146-4512-9b2e-b086ea731f75/dds.jpg)
ডিজিটেল সংবাদ,চৰাইদেউঃ নয়দাৰ গৌতম বুদ্ধ বিশ্ববিদ্যালয়ত অলপতে অনুষ্ঠিত কমনৱেলথ ভাৰোত্তোলন তথা এছিয়ান যুৱ আৰু জুনিয়ৰ ভাৰোত্তোলন চেম্পিয়নশ্বিপত স্বৰ্ণ জয় কৰা কপিল সোণোৱালক সোমবাৰে চৰাইদেউ প্ৰেছ ক্লাবৰ তৰফৰ পৰা বিশেষ ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ চৰাইদেউ জিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী চিংল'পথাৰৰ সন্তান কপিল সোণোৱালে আন্তঃৰাষ্ট্ৰীয় পৰ্যায় ভাৰোত্তোল প্রতিযোগিতাত স্বর্ণপদক জয় কৰি সমগ্ৰ অসমৰ লগতে চৰাইদেউ জিলালৈ গৌৱৰ কঢ়িয়াই সক্ষম হোৱাত জিলা দল সংগঠন তথা ক্ৰীড়াপ্ৰেমী সকল উৎফুল্লিত হৈ পৰিছল ৷
আজি খেলুৱৈ গৰাকী নিজা গৃহলৈ আহি উপস্থিত হোৱা চৰাইদেউ প্ৰেছ ক্লাবৰ উদ্যোগত মথুৰাপুৰ সদৰ তিনি আলিত অভিনন্দন জনোৱা হয় ৷ অনুষ্ঠানত খেলুৱৈ গৰাকীক গামোচা,চেলেংচাদৰ ফুলৰ থোপা,অভিনন্দন পত্ৰৰে সম্বৰ্ধনা জনোৱা হয় ৷ প্ৰেছ ক্লাবৰ সম্পাদক প্ৰণৱ বৰগোহাঁইয়ে আঁতধৰা অনুষ্ঠানটোত সভাপতি ধ্ৰুৱজ্যোতি বৰুৱা, উপদেষ্টা আলিম আহমেদ,উপ সভাপতি সুশান্ত কোঁৱৰ,ইছলাম আহমেদ,সহঃসম্পাদক বিপিন হাজৰিকা, বিত কোঁৱৰ আৰু বিকাশজ্যোতি বৰুৱাকে ধৰি স্থানীয় প্ৰেমী ৰাইজ উপস্থিত থাকে৷
উল্লেখ যে,কপিল সোণোৱালে ১০২ কিলোগ্রাম যুৱ কমনৱেলথ চেম্পিয়নশ্বিপত স্বর্ণপদক লাভ কৰাৰ উপৰি এছিয়ান চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিছিল।
Also Read: বিজেপি গেলিছে...
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us