/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/bf095859-a342-48f9-b9c7-07d82b8e6b89/fff.jpg)
ডিজিটেল সংবাদ ,বেবেজীয়া: অসম সাহিত্য সভাৰ দ্বাৰা স্বীকৃত জামুগুৰি শাখা সাহিত্য সভাৰ উদ্যোগত অৰুণোদয় দিৱস আৰু জননেতা শৰৎ চন্দ্ৰ সিংহৰ স্মৃতি দিৱসটি আজি সোমবাৰে গীতে মাতে উজলি উঠিল ৷ ইতিহাস প্ৰসিদ্ধ জামুগুৰি সাৰ্বজনীন গৰখীয়া থান প্ৰাঙ্গণত অৱসৰপ্ৰাপ্ত শিক্ষক তথা জামুগুৰি শাখা সাহিত্য সভাৰ সভাপতি প্ৰিয় কুমাৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰি লেখক তথা প্ৰাক্তন খণ্ড উন্নয়ন বিষয়া দিলীপ বৰুৱাই জননেতা শৰৎ চন্দ্ৰ সিংহই মূল্যবোধৰ ৰাজনীতি কৰিছিল বুলি উল্লেখ কৰে ৷ শাখা সাহিত্য সভাৰ সম্পাদক তথা সমাজকৰ্মী উৎপল বৰদলৈয়ে আঁত ধৰা অনুষ্ঠানটিত প্ৰবীণ অনাঁতাৰ শিল্পী গম্ভীৰ নাথ, সত্যপ্ৰভা দেৱী, ধেনুৰাম নাথ, কৃষ্ণা দেৱী, সংজ্ঞা দেৱী, কবি সঞ্জীৱ সাগৰ চৈধুৰীৰ গীত আৰু কবিতাই অনুষ্ঠানটো জীপাল কৰি তোলে ৷ অনুষ্ঠান ত অৱসৰপ্ৰাপ্ত শিক্ষক পূৰ্ণকান্ত নাথে বন্তি প্ৰজ্জ্বলন আৰু শিশু শিল্পী প্ৰযুক্তি দেৱীৰ বৰগীতেৰে শুভাৰম্ভ হোৱা গাম্ভীৰ্যপূৰ্ণ সভাখনিত গাঁওখনৰ বিশিষ্ট ব্যক্তি তথা সমাজ সংগঠক তথা গৰখীয়া থানৰ সভাপতি থানেশ্বৰ নাথ, অভিনেতা-- নাট পৰিচালক ৰাজদীপ গোস্বামী, অসমীয়া প্ৰতিদিন কাকতৰ বেবেজীয়াৰ সাংবাদিক দেৱজিৎ হাজৰিকা আৰু নিয়মীয়া বাৰ্তা কাকতৰ বেবেজীয়াৰ সাংবাদিক প্ৰাঞ্জল বৰদলৈক সমাজ জীৱনলৈ আগবঢ়োৱা সংবাদ সেবাৰ বাবে সম্বৰ্ধনা জনোৱা হয় ৷ উল্লেখযোগ্য যে স্বভাৱ কবি নৰেন চন্দ্ৰ নাথ, লেখিকা কৰবী লিগিৰা, ডাঃ কাব্যশ্ৰী ৰংহাংপি, অৱসৰপ্ৰাপ্ত শিক্ষক ৰুহিত নাথ, প্ৰাক্তন আৰক্ষী বিষয়া মিলন নাথ, প্ৰমোদ নাথ , হিতেশ্বৰ নাথ , পুষ্প জ্যোতি নাথ , ৰমেন নাথ , ডঃ কল্পিতা দেৱী, দিপালি দেৱীকে ধৰি বহু কেইজন গণ্যমান্য ব্যক্তি সভাত উপস্থিত থাকে ৷