/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/09/ASSAM-POLICE-4.jpg)
ডিজিটেল ডেস্কঃ অসম আৰক্ষী পৰিবাৰ কল্যাণীয় সংস্থাৰ উদ্যোগত এই বছৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা অসম আৰক্ষীৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক আজি আনুষ্ঠানিকভাৱে সম্বৰ্দ্ধনা জনোৱাৰ লগতে নগদ ধনেৰে পুৰস্কৃত কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/09/f1226efb-76b1-4ccf-8c27-392c56d31665-1024x698.jpg)
এই উপলক্ষে কাহিলীপাৰাস্থিত চতুৰ্থ অসম আৰক্ষী বাহিনীৰ চৌহদত সংস্থাৰ সভানেত্রী স্বপ্নালী মহন্তৰ সভাপতিত্বত অনুষ্ঠিত এক সভাত সংস্থাৰ বিষয়বৱীয়াসকলে অসম আৰক্ষীলৈ গৌৰৱ কঢ়িয়াই অনা মেধাৱী ছাত্ৰ-ছাত্রীসকলক অভিনন্দন জ্ঞাপন কৰি তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/09/2511fb82-8f45-459f-8627-6360f9501184-1024x791.jpg)
সভাত উপস্থিত হৈ আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তইও মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰে আৰু ভৱিষ্যতে নিজকে দেশৰ সুনাগৰিক হিচাপে গঢ় দিয়াৰ বাবে আত্মনিয়োগ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি আহ্বান জনায়। এইক্ষেত্ৰত অভিভাৱকসকলৰো গুৰু দায়িত্ব আছে বুলি সঞ্চালকপ্ৰধানগৰাকীয়ে মন্তব্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/09/598153fe-bfa8-46dd-8117-a8becaefaeac-1024x703.jpg)
ভাষণ প্ৰসংগত তেওঁ কয় যে, এয়া আৰম্ভণিহে, আৰু বহু আগুৱাবলৈ আছে। ভবিষ্যতেও যাতে ছাত্র-ছাত্রীসকলে বিদ্যায়তনিক দিশত এই ধাৰা অব্যাহত ৰাখিব পাৰে তাৰ বাবে তেওঁলোকে সততা, নিষ্ঠা, একাগ্ৰতা আৰু কঠোৰ শ্ৰমৰে নিজকে আগবঢ়াই লৈ যাব লাগিব বুলি মহন্তই উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/09/c6efcac4-6c30-4d6e-8a5f-c35d1033e665-1024x614.jpg)
সভাত সংস্থাৰ সভানেত্রী স্বপ্নালী মহন্ত আৰু চতুৰ্থ অসম আৰক্ষী বাহিনীৰ অধিনায়ক শিলাদিত্য চেতিয়াইও ভাষণ দিয়ে। আদৰণি ভাষণ প্ৰদান কৰে সংস্থাৰ সম্পাদিকা ৰুছী ভৰদ্বাজ বৰাই। সভাখনৰ আঁত ধৰে বৰ্ণালী গগৈ ডেকাই। সভাত মেধাৱী ছাত্ৰ ছাত্ৰীসকলক একোখনকৈ প্ৰশংসা পত্ৰৰ লগতে দহ হেজাৰ টকাকৈ নগদ ধনেৰে পুৰস্কৃত কৰা হয় ।