শিৱসাগৰৰ ৫ ব‍্যক্তিক সম্বৰ্ধনা অসম সাহিত্য সভাৰ

শিৱসাগৰৰ ৫ ব‍্যক্তিক সম্বৰ্ধনা অসম সাহিত্য সভাৰ

author-image
asomiyapratidin
New Update
শিৱসাগৰৰ ৫ ব‍্যক্তিক সম্বৰ্ধনা অসম সাহিত্য সভাৰ

ডিজিটেল সংবাদ ,শিৱসাগৰ: ৰঙালী বিহু উপলক্ষে অসম সাহিত্য সভাৰ তৰফৰ পৰা শিৱসাগৰৰ অৰুণোদয় সাহিত্য সভাই শিৱসাগৰ নগৰৰ ৫ গৰাকী বৰেণ্য ব‍্যক্তিক সম্বৰ্ধনা জনায়। বিশিষ্ট লেখিকা জলিআৰা আহমেদ,প্ৰাক্তন ৰাজ‍্যিক খেলুৱৈ তথা শিক্ষাবিদ চৈয়দ হকিকুৰ ৰহমান,জিকিৰ গৱেষক চফিকুৰ ৰহমান,শিক্ষাবিদ টঙ্ক গগৈ আৰু বিশিষ্ট কবি তথা প্ৰাক্তন শীৰ্ষ আৰক্ষী বিষয়া আব্দুল হামিদক বুধবাৰে নিজ নিজ বাসভৱনত অৰুণোদয় সাহিত্য সভাৰ মুখ‍্য উপদেষ্টা মনিৰুল ইছলাম বড়া আৰু সম্পাদক খাইৰুদ্দিন আহমেদে একোখনকৈ ফুলাম গামোচা আৰু অসম সাহিত্য সভাৰ মানপত্ৰৰ জৰিয়তে সম্বৰ্ধনা জ্ঞাপন কৰে।

Advertisment

সম্বৰ্ধনাৰ প্ৰত‍্যুত্তৰত জিকিৰ গৱেষক চফিকুৰ ৰহমানে কয় যে বিগত ৪০ বছৰ ধৰি অসম সাহিত্য সভাৰ সৈতে জড়িত হৈ থকাৰ পাছত ব'হাগ বিহুৰ প্ৰাকক্ষণত এনে সন্মান লাভ কৰি অভিভূত হৈ পৰিছো। অসম সাহিত্য সভাই বিভিন্ন দিশত গৱেষণা চলাই আছে যদিও আজান পীৰ চাহেবৰ লুপ্তপ্ৰায় জিকিৰ সমূহ উদ্ধাৰ আৰু সংৰক্ষণৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰাৰ প্ৰয়োজন আছে বুলি চফিকুৰ ৰহমানে মন্তব্য কৰে‌।

সম্বৰ্ধনা গ্ৰহণ কৰি বিশিষ্ট লেখিকা জলিআৰা আহমেদে কয় যে পদ্মনাথ গোহাঁই বৰুৱাৰ পৰা আৰম্ভ কৰি ইমৰান শ্বাহলৈকে বহুজনে অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰাৰ বাবে শিৱসাগৰক মনিষীৰ জন্মনগৰী বুলিও কোৱা হয়। অসমীয়া ভাষা সাহিত্যৰ প্ৰাণকেন্দ্ৰ শিৱসাগৰৰ পৰাই ব‍্যাপ্টিষ্ট মিচন চ'ছাইটিয়ে প্ৰথমখন কাকত 'অৰুণোদয়' প্ৰকাশ কৰিছিল। শিৱসাগৰৰ পৰা অসম সাহিত্য সভাৰ সভাপতিৰ আসন শুৱনি কৰা ১৬ গৰাকীৰো অধিক প্ৰাক্তন সভাপতিৰ প্ৰতিমূৰ্তিসহ এখন উদ‍্যান নগৰত গঢ়ি তুলিবলৈ অসম সাহিত্য সভাক জলিআৰা আহমেদে আহ্বান জনায়।

আৰু পঢ়ক: ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ গ'ল দুজনৰ…

assam assam sahitya sabha sivsagar