শহুৰেকৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত জোৱায়েক

মৰিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত চৰবড়ী নিগমত গৃহ কণ্ডলৰ বাবে শহুৰেকে দাৰে ঘপিয়াই আহত কৰিলে জোৱায়েক

author-image
Asomiya Pratidin
New Update
কিশোৰীক গৰ্ভপাতঃ বকোত ভুৱা চিকিৎসকসহ দুজনক জে’ললৈ প্ৰেৰণ…

প্ৰতীকি ফটো

ডিজিটেল সংবাদ,মৰিগাঁওঃ মৰিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত চৰবড়ী নিগমত গৃহ কণ্ডলৰ বাবে শহুৰেকে দাৰে ঘপিয়াই আহত কৰিলে জোৱায়েকক। শুকুৰবাৰে সংঘটিত হয় এই ঘটনা।

Advertisment

শহুৰেক ৰাজেন মেধিয়ে জোৱায়েক তুলতুল ডেকাক দাৰে আক্ৰমণ কৰাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। তাৰপাছতে সংকটজনক অৱস্থাত গাঁওৰক্ষী বাহিনীয়ে আৰক্ষীৰ সহযোগত মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰিছে জোৱায়েকক।

আঘাতপ্ৰাপ্ত জোৱাই তুলতুল ডেকা ঘৰজোৱাই হিচাপে আছিল ৰাজেন মেধিৰ ঘৰত।সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা জোৱাই তুলতুল সংজ্ঞাহীন অৱস্থাতে আছে বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

Also Read: শিলসাকোত বস্ত্ৰহৰণ...

Assam police