অৱশেষত শুধৰণি কৰা হ'ল ফাট বিহুৰ স্মৰণিকাত মুখ্যমন্ত্ৰীৰ শুভেচ্ছাবাণী

অৱশেষত শুধৰণি কৰা হ'ল ফাট বিহুৰ স্মৰণিকাত মুখ্যমন্ত্ৰীৰ শুভেচ্ছাবাণী

ডিজিটেল ডেস্ক : ঢকুৱাখনাৰ চাৰিকড়ীয়াৰ পাৰৰ ঐতিহাসিক ফাট বিহুলৈ হেপাহেৰে বাট চাই ৰয় সমগ্ৰ ৰাজ্যবাসীয়ে । অসমীয়া কলা-সংস্কৃতিৰ অপূৰ্ব সমাহাৰ এই ফাট বিহুৱে প্ৰত্যেকবাৰেই মানুহক সন্মোহিত কৰি আহিছে বিগত বছৰ কেইটাত । প্ৰতি বছৰেই হাজাৰ হাজাৰ লোকৰ সমাগম ঘটা ঐতিহাসিক ফাট বিহু কিন্তু এইবাৰ আছিল এক অন্য ৰূপত চৰ্চিত । কিয়নো প্ৰথমৰে পৰাই বিভিন্ন বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছিল এই সমগ্ৰ অনুষ্ঠানটি ।

প্ৰথমবাৰলৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ঢকুৱাখনাত উপস্থিত হৈছিল ফাট বিহু উপলক্ষে । ফাট বিহুৰ স্মৰণিকাখনতো প্ৰকাশ পাইছিল মুখ্যমন্ত্ৰী গৰাকীৰ এক শুভেচ্ছাবাণী । এই শুভেচ্ছাবাণীত মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছিল, "মিচিং জনগোষ্ঠীৰ বৰ্ণাঢ্য লোকসংস্কৃতিৰ অপূৰ্ব প্ৰকাশ ফাট বিহু ।"

কিন্তু এইখিনিতেই সংঘটিত হ'ল এক ভুলৰ । ফাট বিহু কেৱল মিচিং সম্প্ৰদায়ৰে নহয় বৰং সমগ্ৰ অসমৰ এক অনুষ্ঠান । তেনেস্থলত কেৱল এটি জনগোষ্ঠীলৈ উল্লেখ কৰা এই শুভেচ্ছাবাণীয়ে বিতৰ্কৰ সৃষ্টি কৰাতো স্বাভাৱিক আছিল । অৱশ্যে সন্দেহ কৰা হৈছিল যে এই ভুল মুখ্যমন্ত্ৰীৰ হৈ শুভেচ্ছাবাণী লিখি দিয়া কোনো কৰ্মচাৰীৰ দ্বাৰা সংঘটিত হোৱা বুলি ।

অসমীয়া প্ৰতিদিন ডিজিটেলৰ এই বাতৰিৰ প্ৰভাৱতেই অৱশেষত শুধৰণি কৰা হ'ল মুখ্যমন্ত্ৰীগৰাকীৰ শুভেচ্ছাবাণী । শুধৰণিৰ পিছত প্ৰকাশ পোৱা শুভেচ্ছাবাণীত নাই উপৰোক্ত বাক্যশাৰী । যেন পলমকৈ হ'লেও ভুলটো অনুধাৱণ কৰিছে সংশ্লিষ্ট বিষয়া-কৰ্তৃপক্ষই ।

অৱশেষত শুধৰণি কৰা হ'ল ফাট বিহুৰ স্মৰণিকাত মুখ্যমন্ত্ৰীৰ শুভেচ্ছাবাণী
অসমীয়া প্ৰতিদিনৰ কাৰ্যালয়ত পৰাগ কুমাৰ দাসলৈ শ্ৰদ্ধাঞ্জলি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in