বাক্সা জিলাত কোৰোনাৰ দ্ৰুত সংক্ৰমণঃ নতুনকৈ ৯ গৰাকীৰ দেহত কোৰোনাৰ উপস্থিতি চিনাক্ত…

বাক্সা জিলাত কোৰোনাৰ দ্ৰুত সংক্ৰমণঃ নতুনকৈ ৯ গৰাকীৰ দেহত কোৰোনাৰ উপস্থিতি চিনাক্ত…

author-image
asomiyapratidin
New Update
বাক্সা জিলাত কোৰোনাৰ দ্ৰুত সংক্ৰমণঃ নতুনকৈ ৯ গৰাকীৰ দেহত কোৰোনাৰ উপস্থিতি চিনাক্ত…

ডিজিটেল সংবাদ, বাক্সাঃ মহামাৰী কোৰোনাৰ দ্বিতীয়টো প্ৰলয়ত দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বাক্সা জিলাতো এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে ৷ এনে পৰিস্থিতিৰ সময়তে কোৰোনাৰ সৈতে যুঁজিবলৈ সম্পূৰ্ণৰূপে সাজু হৈ থকা বুলি জানিবলৈ দিয়ে বাক্সা জিলা স্বাস্থ্য বিভাগে ৷ বৃহস্পতিবাৰে জিলাখনৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ মবিদুৰ ৰহমানে সাংবাদিকৰ আগত শেহতীয়াকৈ উদ্ভৱ হোৱা কোৰোনাৰ বাবে বৰ্তমানলৈ জিলাখনত ১৭১৬১ টা ৰেপিড টেষ্ট আৰু ১৬২ টা আৰটি-পিচিআৰ টেষ্ট কৰা হয় বুলি জানিবলৈ দিয়ে ৷

Advertisment

আনহাতে, জিলাখনৰ ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত সংলগ্ন কোভিড চেন্টাৰত ৪২ খন বিছনা ক'ভিড ৰোগীৰ বাবে সম্পূৰ্ণ সাজু কৰা হৈছে ৷ ইয়াৰোপৰি জিলাখনৰ বৰমা, নাগ্ৰীজুলি আৰু শালবাৰীত থকা আদৰ্শ চিকিৎসালয় কেইখনতো ক'ভিড ৰোগীৰ বাবে বিছনা সাজু কৰি তোলা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে । ইয়াকে লৈ জিলাখনত ক'ভিড ৰোগীৰ বাবে সাজু থকা মুঠ বিছনাৰ সংখ্যা হৈছে ১৮২ খন ৷ আনহাতে বৰ্তমানলৈ জিলাখনত প্ৰায় ৩৩ হাজাৰ লোকক ভেকচিন প্ৰদান কৰা হৈছে বুলিও বিষয়া গৰাকীয়ে উল্লেখ কৰে ৷

জিলা স্বাস্থ্য বিভাগৰ হাতত বৰ্তমান ৩২২০ ডোজ ক'ভিশ্লিল্ড আৰু ৪৭২০ ডোজ কোভাক্সিন ভেকচিন মজুত আছে । আনহাতে বি টাইপৰ ডাঙৰ অক্সিজেন চিলিণ্ডাৰ ৫০ টা আৰু ডিএলচি চিলিণ্ডাৰ ৬ টা জিলা স্বাস্থ্য বিভাগৰ হাতত মজুত থকা বুলি ৰহমানে উল্লেখ কৰে ৷ উল্লেখ্য যে, জিলাখনৰ একমাত্ৰ অসামৰিক চিকিৎসালয়খনত বিগত বৰ্ষতে সংস্থাপন কৰা ৫ খন বিচনাযুক্ত আইচিইউ ব্যৱস্থা এতিয়াও সাজু হৈ নুঠা বুলি উল্লেখ কৰি অহা এক-দুই সপ্তাহৰ ভিতৰত আই চি ইউৰ কামখিনি সম্পূৰ্ণ হৈ উঠিব বুলিও তেওঁ সাংবাদিকক জানিবলৈ দিয়ে ৷

বিষয়া গৰাকীয়ে জিলা স্বাস্থ্য বিভাগৰ হাতত পৰ্যাপ্ত জৰুৰী সেৱাৰ বাহন মজুত থকাৰ লগতে চিকিৎসক, চিকিৎসাকৰ্মী, এম পি ডব্লিউ, আশাকৰ্মী, নাৰ্ছ আদি জৰুৰীকালীন পৰিস্থিতিৰ বাবে সম্পূৰ্ণ সাজু হৈ থকা বুলি জানিবলৈ দিয়ে । তাৎপৰ্যপূৰ্ণ কথা এই যে ক'ৰোনা পৰিস্থিতিৰ বাবে নিজকে সম্পূৰ্ণ সাজু বুলি দাবী কৰা স্বাস্থ্য বিভাগে জিলাখনৰ প্ৰায় ৮ লক্ষাধিক জনসংখ্যাৰ বিপৰীতে এতিয়াও এখনো আই চি ইউ বিছনা সাজু হৈ নুঠাত কিদৰে কোৰোনাৰ দ্ৰুত সংক্ৰমণৰ সৈতে যুঁজ দিব পাৰিব সেয়াও এক নুবুজা সাঁথৰত পৰিণত হৈছে ৷

আনহাতে, বাক্সা জিলা স্বাস্থ্য বিভাগে জনোৱা তথ্য অনুসৰি জিলাখনত বৰ্তমান সক্ৰিয় ক'ভিড আক্ৰান্তৰ সংখ্যা হৈছে ৪৭ গৰাকী ৷ বৃহস্পতিবাৰে জিলাখনত নতুনকৈ ৯ গৰাকী কোৰোনাত আক্ৰান্ত চিনাক্ত হয় ৷ আনহাতে আক্ৰান্ত হোৱা ৮ গৰাকীক বৃহস্পতিবাৰে সুস্থ হোৱাৰ পিছত ঘৰলৈ যাব দিয়া হয় বুলি বিভাগীয় সূত্ৰই জানিব দিয়ে ৷