দৰঙত কোৰোনাৰ দ্ৰুত সংক্ৰমণঃ এদিনতে আক্ৰান্ত হয় ৫৭ জন লোকৰ…

দৰঙত কোৰোনাৰ দ্ৰুত সংক্ৰমণঃ এদিনতে আক্ৰান্ত হয় ৫৭ জন লোকৰ…

author-image
asomiyapratidin
New Update
দৰঙত কোৰোনাৰ দ্ৰুত সংক্ৰমণঃ এদিনতে আক্ৰান্ত হয় ৫৭ জন লোকৰ…

ডিজিটেল সংবাদ, মঙলদৈঃ ৰাজ্যৰ লগতে দৰং জিলাতো প্ৰতিদিনে বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্তৰ সংখ্যা । জিলা স্বাস্থ্য বিভাগে বৃহস্পতিবাৰে জিলা তথ্য আৰু জনসংযোগ কাৰ্যালয়লৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ মতে বৃহস্পতিবাৰে দিনৰ ভাগত দৰং জিলাত ৫৭ জন ক'ভিড আক্ৰান্ত ব্যক্তি চিনাক্ত হৈছে।

এই সকলকে ধৰি চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা দৰঙত কোৰোনাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ২৬০ জনলৈ বৃদ্ধি পালে। এইসকলৰ ভিতৰত সম্প্ৰতি ১৯৮ জন লোক চিকিৎসাধীন হৈ আছে।