/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/faaa.jpg)
ডিজিটেল সংবাদ, মাজুলী: সাম্প্ৰতিক সময়ত দেখা জলবায়ুৰ সাংঘাটিক পৰিৱৰ্তনে কৃষক সমাজক বাৰুকৈ বিপদত পেলাইছে। জলবায়ুৰ এই পৰিৱৰ্তন তথা তাৰতম্যতাৰ বাবে নিৰ্দিষ্ট পৰিমাণৰ বৰষুণ হ্ৰাস পোৱা,ৰ'দৰ অত্যাধিক তাপ,উৎকট গৰমে বৰ্তমান শালি তথা বাওধানৰ খেতিলৈ অশনি সংকেট নমাই আনিছে।
বিশেষকৈ শালিধানৰ পথাৰত চিঁৰাল ফাট দেখা দিয়াত এতিয়া মূৰে কপালে হাত দিব লগীয়া হৈছে মাজুলীৰ কৃষক ৰাইজে। দীৰ্ঘদিন ধৰি বৰষুণ দিয়া হোৱা নাই। ফলত খেতি পথাৰ মাটি শুকাই যোৱা দৃশ্য প্ৰত্যক্ষ কৰি মাজুলীৰ কৃষকসকল চিন্তিত হৈ পৰিছে ৷
উল্লেখ্য যে,মাজুলী জিলাখনৰ জনসাধাৰণ সম্পূৰ্ণৰূপে কৃষিৰ ওপৰত নিৰ্ভৰশীল। জিলাখনত মুঠ খেতিৰ পৰিমাণ হৈছে ৩৮,৮৬০ হেক্টৰ। ইয়াৰে শালিধান ১১,৮৯৬ হেক্টৰ, বাওধান ৪২৭০ হেক্টৰ, কুঁহিয়াৰ ৯০৫ হেক্টৰ, আহু ৩৯৬০ হেক্টৰ, নহৰু ৩১০ হেক্টৰ, সৰিয়হ ৯০০৫ হেক্টৰ আৰু আলু ৬৮৯ হেক্টৰ ভূমিত খেতি হয়। কৃষি তথা আন আন কৃষিজাত শস্যৰ খেতি কৰিয়েই ৯৫ শতাংশ লোকে পৰিয়াল পোহপাল দি আহিছে।
এনে পৰিপ্ৰেক্ষিততে প্ৰখৰ ৰ'দকো নেওচি কৃষিজীৱী ৰাইজে ভূঁই ৰুলে যদিও পানীৰ অভাৱত শালি খেতিবোৰ বৰ্তমান শুকাই গৈ সেউজীয়াৰ সলনি ৰঙা ৰঙা হৈ পৰিছে। তদুপৰি বহু হেক্টৰ ভূমিৰ খেতি পথাৰত বননিৰে ভৰি পৰিছে। আনহাতে খৰাং সদৃশ পৰিৱেশ বাবে এতিয়াও বহু খেতি পথাৰ এতিয়া চৰণীয়া পথাৰলৈ পৰিণত হৈ পৰিছে। ফলত ভৱিষ্যত দেখা দিব পৰা খাদ্য সমস্যাক লৈ কৃষক ৰাইজৰ মাজত এক প্ৰকাৰ হাহাকাৰ অৱস্থা সৃষ্টি হৈছে।
ইপিনে বাও খেতি সিঁচাৰ সময়তো অত্যাধিক বৰষুণৰ বাবে শ শ হেক্টৰ বিঘা ভূমিৰ খেতিত হঠাৎ হোৰাহোৰে জমা হোৱা পানীয়ে নষ্ট কৰি পেলাইছিল। আনহাতে বহু হেজাৰ হেক্টৰৰ ভূমিত বাও খেতি লগা পৰা নহ'ল মাজুলীৰ খেতিয়ক ৰাইজে। এই বাও খেতিৰ পথাৰত শেহতীয়াকৈ যোৱা ভাদ মাহত শালি দিয়াৰ চেষ্টা কৰিছিল যদিও সেইয়াও পানীৰ অভাৱত শুকানবলৈ আৰম্ভ কৰিছে। মাজুলী জিলাত কৃষি খণ্ডত দেখা দিয়া অভাৱনীয় কৰ্মৰ দূৰ্গতি দেখি এতিয়া কৃষক ৰাইজে হুমুনিয়াহ কঢ়াৰ বাহিৰে আন উপায় নোপোৱা হৈছে।
আৰু পঢ়ক; অধ্যক্ষ বিমান চন্দ্ৰ চেতিয়াৰ বিৰুদ্ধে যৌন কেলেংকাৰীৰ অভিযোগ; উত্তাল লখিমপুৰ…