জোনাইত কৃৰ্তী চিকিৎসক আৰু স্বাস্থ্য কৰ্মীক বিদায় সম্বৰ্ধনা

author-image
Asomiya Pratidin
New Update
জোনাইত কৃৰ্তী চিকিৎসক আৰু স্বাস্থ্য কৰ্মীক বিদায় সম্বৰ্ধনা

ডিজিটেল সংবাদ, জোনাই : জোনাই মহকুমাৰ মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া তথা মানৱদৰদী চিকিৎসক ডা: কিশোৰ কুমাৰ কামানক পদোন্নতিসহ মাজুলী জিলাৰ গড়মূৰ জিলা চিকিৎসালয় আৰু জোনাই ব্লক স্বাস্থ্য কেন্দ্ৰৰ খণ্ড আঁচনি প্ৰৱন্ধক ৰৌজ কুমাৰ বৰুৱাক ধেমাজি জিলাৰ বেঙেনাগড়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ চৰকাৰে বদলি কৰাত যোৱা শনিবাৰে জোনাই মহকুমাৰ সমূহ আশা ছুপাৰভাইজাৰ আৰু আশা কৰ্মীসকলে জোনাই ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এখনি বিদায় সম্বৰ্ধনা সভা আয়োজন কৰে।

Advertisment

নতুনকৈ জোনাই মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়াৰ দা‌য়িত্ব গ্ৰহণ কৰা ডা: গুণদা লাগাছুৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত জোনাই মহকুমাৰ সমূহ আশাকৰ্মী, আশা ছুপাৰভাইজাৰ তথা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক তথা কৰ্মচাৰীসকল উপস্থিত থাকে। সভাত বিদায়ী মহকুমাৰ মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া তথা মানৱদৰদী চিকিৎসক ডা: কিশোৰ কুমাৰ কামান আৰু জোনাই ব্লক স্বাস্থ্য কেন্দ্ৰৰ খণ্ড আঁচনি প্ৰৱন্ধক ৰৌজ কুমাৰ বৰুৱাক দুয়োকে বিদায় সম্বৰ্ধনা জনোৱা হয়।

উল্লেখযোগ্য যে বিদায়ী মহকুমাৰ মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া তথা মানৱদৰদী চিকিৎসক ডা: কিশোৰ কুমাৰ কামান আৰু জোনাই ব্লক স্বাস্থ্য কেন্দ্ৰৰ খণ্ড আঁচনি প্ৰৱন্ধক ৰৌজ কুমাৰ বৰুৱাই বিগত প্ৰায় ১৫ বছৰৰো অধিক কাল জোনাইৰ ৰাইজক চিকিৎসা সেৱা তথা চৰ চাপৰি অঞ্চলৰ ৰাইজৰ ওচৰলৈ গৈ শিশু আৰু মাতৃৰ টীকাকৰণ, পলিঅ' তথা স্বাস্থ্য শিবিৰ আদি আয়োজন কৰি ৰাইজক আগবঢ়োৱা অৱদানৰ কথা উপস্থিত স্বাস্থ্যকৰ্মীসকলে শ্ৰদ্ধাৰে সোঁৱৰে ।

উক্ত সভাতে আশাকৰ্মীসকলে দুয়োজন বিদায়ী বিষয়াক মিচিং জাতীয় সাজপাৰেৰে বিদায় সম্বৰ্ধনা জনোৱাৰ লগতে এক প্ৰীতি ভোজৰো আয়োজন কৰে। সভাত ডা: গুণদা লাগাছুৱে জোনাইবাসী ৰাইজক কৰা দীৰ্ঘদিনিয়া সেৱাৰ বাবে বিদায়ী চিকিৎসক ডা: কিশোৰ কুমাৰ কামান আৰু খণ্ড আঁচনি প্ৰৱন্ধক ৰৌজ কুমাৰ বৰুৱাক কৃতজ্ঞতা জ্ঞাপন কৰে আৰু দুয়োজনৰে সু-স্বাস্থ্য তথা উজ্জ্বল ভৱিষ্যতৰ কামনা কৰে।

assam jonai