ফকিৰগঞ্জত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, গ্ৰেপ্তাৰ এগৰাকী মহিলা...

ফকিৰগঞ্জত সঘনেই চলিছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। ফকিৰগঞ্জ থানাৰ নতুনকৈ কাৰ্যভাৰ গ্ৰহণ কৰা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কুন্দন ৰবিদাস ড্ৰাগছ বিৰোধী অভিযানত

author-image
Asomiya Pratidin
New Update
ফকিৰগঞ্জত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, গ্ৰেপ্তাৰ এগৰাকী মহিলা...

fokirganj

ডিজিটেল সংবাদ, মানকাচৰ : ফকিৰগঞ্জত সঘনেই চলিছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। ফকিৰগঞ্জ থানাৰ নতুনকৈ কাৰ্যভাৰ গ্ৰহণ কৰা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কুন্দন ৰবিদাস ড্ৰাগছ বিৰোধী অভিযানত কঠোৰ হৈ পৰা পৰিলক্ষিত হৈছে ৷ ড্ৰাগছ বিৰোধী অভিযানত ইতিমধ্যে ড্ৰাগছসহ বহু ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷

Advertisment

উল্লেখ্য যে ফকিৰগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কুন্দন ৰবিদাসে গোপন সূত্ৰৰ পম খেদি তেওঁৰ নেতৃত্বত আৰক্ষীৰ দল এটাই আইৰকাটা অঞ্চলত অভিযান চলাই ১৮ মাহৰ সন্তানৰ মাতৃ মঞ্জিলা খাতুনক ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে ৷

বৰ্তমান জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ফাৰুক আহমেদে ফকিৰগঞ্জ থানাত উপস্থিত হৈ মঞ্জিলা খাতুনক সোধা পোচা কৰি খাতুনৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰে আৰু মঞ্জিলা খাতুনক জেল হাজোতলৈ প্ৰেৰণ কৰিব বুলি জানিব দিয়ে ৷

আৰু পঢ়ক : এপিপিএছচি প্ৰশ্নকাকত ফাদিল কাণ্ড : ৮ জনৰ বিৰুদ্ধে অভিযোগপত্ৰ দাখিল...

drugs FAKIRGANJ assam