সমাজৰ এক ডাঙৰ সমস্যা: ভুৱা কিন্নৰৰ পৰা কোনে কৰিব ৰক্ষা…

সমাজৰ এক ডাঙৰ সমস্যা: ভুৱা কিন্নৰৰ পৰা কোনে কৰিব ৰক্ষা…

ৰাজ্যত বৃদ্ধি পাইছে ভুৱা কিন্নৰৰ সংখ্যা। যাৰ বাবে প্ৰকৃত কিন্নৰ সকলৰ লগতে ভাবুকি আহি পৰিছে জনতাৰ ওপৰতো। বিভিন্ন সময়ত ধন দাবী অথবা ধন নিদিলে অসভ্য আচৰণ কৰি এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে ভুৱা কিন্নৰ সকলে। ইয়াৰ ওপৰত অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্কৰ পৰা বৰষা শৰ্মাৰ এক বিশেষ প্ৰতিবেদন…

তেওঁলোকো আমাৰ সমাজৰে এটা অংশ, কিন্তু তাৰ পিছটো একাংশলোকে তেওঁলোকক হেয় প্ৰতিপন্ন কৰি আহিছে। নিজৰ অধিকাৰৰ বাবে অহৰহ যুঁজ দি আহিলেও এতিয়াও সমাজত নিজৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আহিছে কিন্নৰ সকল।অধিকাংশ কিন্নৰে ভীক্ষা বৃত্তিৰেই জীৱন নিৰ্বাহ কৰি আহিছে তেনেসময়কে গুৱাহাটীত দেখা গৈছে যে অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে কিন্নৰ সংখ্যা।

কিন্নৰ সকল সমাজৰ এনে এক অংশ হৈ আছে যিয়ে লিখিতভাৱে সমান মৰ্যাদা লাভ কৰিলেও সমাজৰ এতিয়া সম্পূৰ্ণ অধিকাৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই। একাংশ ভুৱা কিন্নৰে জনতাৰ মাজত এনে এক ত্ৰাসৰ সৃষ্টি কৰিছে যাৰ বাবে নিজৰ অধিকাৰৰ বাবে অহৰহ যুঁজ কৰি অহা প্ৰকৃত কিন্নৰ সকলৰ বাবে সমস্যা আহি পৰিছে।

এই সমস্যা কেৱল কিন্নৰ সকলৰ মাজতেই নহয়, সাধৰণ জনতাও ইয়াৰ দ্বাৰা প্ৰভাৱিত হোৱা দেখা যায়। কিয়নো একাংশ ভুৱা কিন্নৰে এক ত্ৰাসৰ সৃষ্টি কৰি আহিছে জনতাৰ মাজত।

মন কৰিবলগীয়া যে, গুৱাহাটী মহানগৰীত অধিক হাৰত বৃদ্ধি পাইছে কিন্নৰৰ সংখ্যা।যাৰ বাবে কিছু ক্ষেত্ৰত জনতাইও বহু সমস্যৰ সন্মুখীন  হ'বলগীয়া হৈছে। প্ৰায় কেইমাহমান পূৰ্বে জালুবাৰী অথবা পল্টনবজাৰ অঞ্চলতহে কিন্নৰ দেখিবলৈ পোৱা গৈছিল যিয়ে বিভিন্নলোকৰ পৰা টকা লৈছিল কিন্তু কোনো ধৰণৰ দাবী কৰা নাছিল।কিন্তু এতিয়া লক্ষ্য কৰিলে দেখা যায় যে গুৱাহাটীৰ বিভিন্ন স্থান অথবা বাছ আস্থান  সমূহত বৃদ্ধি পোৱা একাংশ কিন্নৰে উপদ্ৰৱ চলাই আহিছে।

প্ৰতিটো বাছ আস্থান অথবা বাছৰ যাত্ৰীৰ পৰা একাংশ কিন্নৰে টকা দাবী কৰা দেখা যায় যাৰ ফলত এক ত্ৰাসৰ সৃষ্টি হৈছে। একাংশ ভুৱা কিন্নৰে টকা দাবী কৰাৰ লগতে দাবী কৰা ধন নিদিলে অসভ্য আচৰণ কৰাও পৰিলক্ষিত হয়।জনতাৰ বাবে এক প্ৰকাৰ ভাবুকি হৈ পৰিছে ভুৱা কিন্নৰ সকল।

এই সন্দৰ্ভত অসমৰ সৰ্বপ্ৰথম তৃতীয় লিংগৰ ন্যায়ধীশ স্বাতী বিধান বৰুৱাই কয় যে গুৱাহাটীত বৃদ্ধি পাইছে ভুৱা কিন্নৰৰ সংখ্যা আৰু ইয়াৰ ফলত প্ৰকৃত কিন্নৰ সকলৰ সমস্যাৰ সৃষ্টি হৈছে।

বৰুৱাই কয় যে গুৱাহাটীত প্ৰায় ২৫০০ গৰাকী কিন্নৰ আছে আৰু এই সকল গুৱাহাটীৰ প্ৰকৃত বাসিন্দা । ইয়াৰ লগতে ১০০০ ৰ পৰা২০০০ এনেকুৱা কিন্নৰ আছে যি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যেনে ধুবুৰী, মৰাণ,মানকচাৰ আৰু মঙলদৈৰ পৰা অহা।

স্বাতী বিধান বৰুৱাই লগতে কয় যে শেহতীয়াকৈ ৰাইজক সমস্যা প্ৰদান কৰা  ভুৱা কিন্নৰ সকলৰ বাবে তেওঁৱো অতি হতাশ হৈ পৰিছে আৰু এই ভুৱা কিন্নৰ ৰাজ্যৰ আন প্ৰান্তৰ সলনি গুৱাহাটীত ক্ৰমান্বয়ে বৃদ্ধি পাইছে।

এই সন্দৰ্ভত, গুৱাহাটীৰ চান্দমাৰী অঞ্চলৰ তৃতীয় লিংগৰ এগৰাকী ব্যক্তিয়ে কয় যে এয়া অত্যন্ত দুখজনক। কিয়নো একাংশ ভুৱা কিন্নৰৰ উপদ্ৰৱৰ বাবে জনতাই তেওঁলোকৰ ওপৰত থকা বিশ্বাস হেৰুৱাইছে।

লগতে তেওঁ কয় যে তেওঁলোকে কেতিয়াও কাকো টকা দিয়াৰ বাবে দাবী নকৰে। কোনোবাই টকা নিদিলে তেওঁক আশীৰ্বাদহে দিয়া হয়।

একাংশ কিন্নৰে অভিযোগ কৰা অনুসৰি ৰাজ্যত কিন্নৰ চিণ্ডিকেটো চলি আছে। কেইমাহমান পূৰ্বে মালিগাঁও অঞ্চলক বাংলাদেশী কিন্নৰ আৰু অসমৰ কিন্নৰৰ মাজত কাজিয়াৰ সৃষ্টি হৈছিল। যাৰ বাবে একাংশ কিন্নৰে ৰাজপথত কাপোৰ খুলি প্ৰতিবাদো কৰিছিল।

অভিযোগ অনুসৰি ভুৱা কিন্নৰ সকলে বিভিন্ন সময়ত অসমৰ পৰা যুৱক অপহৰণ কৰি লিংগ পৰিৱৰ্তন কৰি কিন্নৰ সজায়।

গতিকে ইয়াৰ পৰা এটা কথা বুজিব পাৰি যে গুৱাহাটী লাহে লাহে এনে কাৰ্যকলাপৰ হাব হৈ পৰিছে। যাৰ বাবে এতিয়া ভুৱা কিন্নৰ সকলক চিনাক্ত কৰাৰ বাবে উচিত সময় আহি পৰিছে। কিয়নো একাংশ ভুৱা কিন্নৰৰ বাবে প্ৰকৃত কিন্নৰ খিনিৰ মৰ্যদা তথা সন্মান প্ৰতিও ভাবুকি আহি পৰিব।

তদুপৰি ইয়াক লৈ প্ৰকৃত পদক্ষেপ গ্ৰহণ কৰিলে কিন্নৰ সমাজে প্ৰকৃত মৰ্যদা পোৱাৰ লগতে সমাজেও ভুৱা কিন্নৰৰ উপদ্ৰৱৰ পৰা ৰক্ষা পৰিব। নহ'লে এসময়ত এই সমস্য আৰু অধিক বৃদ্ধি হৈ জনতাৰ মাজত ভাবুকিৰ সৃষ্টি কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in