/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/harhi.jpg)
ডিজিটেল সংবাদ , ঢকুৱাখনা : ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰখনত অনাকাংক্ষিত ভাৱে কলংক সনাৰ এক অশুভ ইংগিত পোহৰলৈ আহিছে । ৰাজ্যখনৰ ৭০ গৰাকী ডক্টৰেট ডিগ্ৰীধাৰী মহাবিদ্যালয় শিক্ষকৰ পি এইচ ডি ডিগ্ৰীৰ বৈধতাকলৈ উত্থাপিত সন্দেহৰ আঙুলিয়ে এনে এই সন্দেহৰ উদ্ৰেক ঘটাইছে।
ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালক ধৰ্মকান্ত মিলিয়ে ১৪ জুলাইত জাৰি কৰা নিৰ্দেশনা নং- পি চি /এইচ ই ভেৰ /পি এইচ ডি ২ /২১ জৰিয়তে যিসকল মহাবিদ্যালয় শিক্ষকৰ এই ডিগ্ৰীৰ বৈধতাকলৈ প্ৰশ্ন উত্থাপন কৰিছে সেইসকলৰ ভিতৰত লখিমপুৰ জিলাৰ লালুকৰ ১ গৰাকী আৰু ঢকুৱাখনাৰ ৩ গৰাকী তথাকথিত শিক্ষকৰ নাম সন্নিবিষ্ট হৈছে ।
সেইকেইজন মহাবিদ্যালয় শিক্ষক হৈছে ঢকুৱাখনাৰ হাৰ্হি মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ জিতু কুমাৰ চমুৱা ,(ক্ৰমিক নং-২৭ ) , অসমীয়া বিভাগৰ দীপ দত্ত (ক্ৰমিক নং- ২৫) ,খেৰকটাৰ ব্ৰহ্মপুত্ৰ ডিগ্ৰী মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ হেমেন পাতিৰ (ক্ৰমিক নং-১৬) ,লালুক মহাবিদ্যালয়ৰ সমাজ শাস্ত্ৰ বিভাগৰ শিক্ষক গোবিন বৰা (ক্ৰমিক নং -৩২)ৰ নাম সন্নিবিষ্ট হৈছে।
ৰাজ্যৰ উচ্চ শিক্ষা সঞ্চালক ধৰ্মকান্ত মিলিয়ে ২০২১ বর্ষৰ ২৯ নৱেম্বৰত এ এইচ ই ৩৮১/২১২১ /৬ নং নিৰ্দেশনা মৰ্মে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য প্ৰফেছৰ ডঃ অলক কুমাৰ বৰগোঁহাইৰ অধ্যক্ষতাত গঠিত উচ্চ ক্ষমতা সম্পন্ন পৰীক্ষণ সমিতিৰ আগত অহা ১৯ জুলাইত যাবতীয় নথি পত্ৰ সহ উপস্থিত থাকিবলৈ অন্যান্য সকলৰ লগতে ঢকুৱাখনা আৰু লখিমপুৰৰ এই কেইজন শিক্ষকলৈ ইতিমধ্যে চমন জাৰি কৰিছে বুলি জনা গৈছে।
উৎকৃষ্ট মানৱ সম্পদ গঢ়াৰ এই বিদ্যাৰ মন্দিৰৰ শিক্ষাগুৰুৰে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতাকলৈ উত্থাপিত এনে সন্দেহৰ প্ৰশ্নই স্বাভাৱিকতে ঢকুৱাখনা আৰু লখিমপুৰৰ শৈক্ষিক ক্ষেত্ৰখনৰ লগতে শিক্ষানুৰাগী ৰাইজক স্তম্ভিত আৰু সচকিত কৰি তুলিছে । জিলাখনৰ এনেবোৰ শিক্ষকৰ ডক্টৰেট ডিগ্ৰী বাস্তৱিকতে ভুৱা আৰু জালিয়াতিপূৰ্ণ হয়নে নহয় সেয়া পৰীক্ষণ সমিতিৰ নিখুঁত পৰ্যবেক্ষণৰ অন্তত পোহৰলৈ আহিব যদিও প্ৰাথমিক পৰ্য্যায়ত চমন জাৰি কৰাকলৈ জিলাখনৰ শিক্ষাব্রতী ৰাইজৰ মাজত চৰ্চাৰ বিষয় হিচাবে ধৰা দিছে ।
উল্লেখ্য যে উক্ত ৭০ জনীয়া নাম তালিকাত ধেমাজি জিলাৰ ৯ গৰাকীৰ নাম অন্তৰ্ভুক্ত হৈছে। ইয়াৰ ভিতৰত ধেমাজি বালিকা মহাবিদ্যালয়ৰ সমাজ শাস্ত্ৰ বিভাগৰ যোগানন্দ গোঁহাই , চিমেন চাপৰি মহাবিদ্যালয়ৰ টিউটৰ অধ্যক্ষ শচীন দলে , জীৱন বুঢ়াগোহাঁই (দৰ্শন শাস্ত্ৰ বিভাগ), কবিৰ বাহাদুৰ ছেত্ৰী (অৰ্থশাস্ত্ৰ বিভাগ ), ,দেৱজিত দাস গুপ্তা (অৰ্থশাস্ত্ৰ বিভাগ) , অনন্ত দলে (ৰাজনীতি বিজ্ঞান বিভাগ ),বিপুল চুতীয়া (অৰ্থশাস্ত্ৰ বিভাগ ) , চিলাপথাৰ টাউন মহাবিদ্যালয়ৰ ইন্দ্রনুজ বৰগোঁহাই ( ইংৰাজী বিভাগ ),চিচি বৰগাঁও মহাবিদ্যালয়ৰ জগনাথ চুতীয়া (ইংৰাজী বিভাগ)ৰ নামো তালিকাত অন্তৰ্ভুক্ত হৈছে।
অহা ১৯ জুলাইত পৰীক্ষণ সমিতিৰ সন্মুখত উপস্থিত হৈ জিলা দুখনৰ এইসকল মহাবিদ্যালয় শিক্ষকৰ বিৰুদ্ধে উত্থাপিত সন্দেহজনক ডক্টৰেট ডিগ্ৰীৰ অপযশ কি দৰে নিস্পতিৰ পথ প্ৰশস্ত কৰে তাৰ ওপৰতে নিৰ্ভৰ কৰিছে উত্তৰ অসমৰ শৈক্ষিক ক্ষেত্ৰখনৰ সমুজ্জ্বল নক্ষত্ৰ স্বৰূপ জিলা দুখনৰ সন্মান আৰু স্বাভিমানৰ প্ৰশ্নটো ।
আৰু পঢ়ক: মাত্ৰ ৩ ঘন্টাৰ ভিতৰতে হ'ল সকলো, নৈশ বাছৰ পৰা উদ্ধাৰ ৰাকেশৰ মৃতদেহ