কলেজ শিক্ষকৰ ভুৱা পি এইচ ডি ডিগ্ৰীঃ ৭০ জনলৈ চমন জাৰি….

কলেজ শিক্ষকৰ ভুৱা পি এইচ ডি ডিগ্ৰীঃ ৭০ জনলৈ চমন জাৰি….

author-image
asomiyapratidin
New Update
কলেজ শিক্ষকৰ ভুৱা পি এইচ ডি ডিগ্ৰীঃ ৭০ জনলৈ চমন জাৰি….

ডিজিটেল ডেস্কঃ ভুৱা পি এইচ ডি ডিগ্ৰীৰ এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। ৰাজ্যৰ বিভিন্ন মহাবিদ্যালয় তথা শিক্ষানুষ্ঠানত কৰ্মৰত ৭০ গৰাকী অধ্যাপক তথা অন্যান্য কৰ্মচাৰীয়ে ভুৱা পি এইচ ডি ডিগ্ৰী গ্ৰহণৰ তথ্য পোৱা গৈছে। এই ভুৱা পি এইচ ডি ডিগ্ৰীধাৰী অধ্যাপকসকললৈ চমন জাৰি কৰা হৈছে।

Advertisment

ৰাজ্যৰ উচ্চ শিক্ষা বিভাগে জাৰি কৰিছে ভুৱা পি এইচ ডি ডিগ্ৰীধাৰিসকললৈ চমন। জানিব পৰা মতে মুঠ ৪২ খন মহাবিদ্যালয়ৰ অধ্যাপক, গ্ৰন্থাগাৰিকে গ্ৰহণ কৰিছে ভুৱা পি এইচ ডি। এই আটাইকেইখন মহাবিদ্যালয়ৰে ভুৱা ডিগ্ৰী গ্ৰহণকাৰী অধ্যাপক তথা গ্ৰন্থাগাৰিকক অহা ১৯ জুলাইত উচ্চ শিক্ষা সঞ্চালকালয়ত হাজিৰ হ'বলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে।

উচ্চ শিক্ষা সঞ্চালকালয়ত ১৯ জুলাইত উপস্থিত হৈ ভুৱা পি এইচ ডি ডিগ্ৰীধাৰি অধ্যাপক, গ্ৰন্থাগাৰিকে প্ৰদৰ্শন কৰিব লাগিব তেওঁলোকৰ বিভিন্ন নথি-পত্ৰসমূহ। পি এইচ ডিৰ ফলাফল, থেছিছ আদি জমা দিব লাগিব এইসকল অধ্যাপকে।

ভুৱা পি এইচ ডি গ্ৰহণৰ অধ্যাপকৰ তালিকাত আছে কৰিমগঞ্জৰ নিলাম বজাৰ কলেজৰ ২ অধ্যাপক, কামৰূপৰ এছ বি এম কলেজ,ছমৰীয়া কলেজৰ এগৰাকীকৈ শিক্ষক, নলবাৰী ছহিদ স্মৃতি কলেজ, বিলাসীপাৰা কলেজৰ এজনকৈ শিক্ষক।

ইয়াৰ উপৰিও মঙলদৈ কমাৰ্চ কলেজ, লখিমপুৰ লালুক কলেজ, ধেমাজি ছোৱালী কলেজ, চিমেন চাপৰি কলেজ, চিলাপথাৰ কলেজ, সোণাৰি কমাৰ্চ কলেজ, উত্তৰ বৰপেটা কলেজ, লিডু কলেজৰ অধ্যআপকো আছে এই তালিকাত। স্ক্ৰীণিং কমিটীৰ আগত এই অধ্যাপক সকলে ১৯ জুলাইত তেওঁলোকেৰ পি এইচ ডি ডিগ্ৰীৰ সবিশেষ জমা দিয়াৰ পিছত যদি ভুৱা ডিগ্ৰী গ্ৰহণৰ তথ্য সত্য প্ৰমাণ হয় তেন্তে তেনে অধ্যাপকৰ বিৰুদ্ধে লোৱা হ'ব শাস্তিমূলক ব্যৱস্থা।