/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/arres.jpg)
ডিজিটেল সংবাদ,বকো: কামৰূপ বকোত বৃহস্পতিবাৰে জালনোট সহ দুটা জালনোট সৰবৰাহকাৰীক ৰাইজে কৰায়ত্ব কৰি আৰক্ষীক গোটাই দিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাৰ বিৱৰণ মতে বকো থানা আৰু মন্দিৰা পহৰাচকীৰ অন্তৰ্গত বৰুৱা বালিঝাৰ বজাৰত দুটা জালনোট সৰবৰাহকাৰীয়ে দোকানৰ পৰা সা-সামগ্ৰী ক্ৰয় কৰাৰ নামত দুইহেজাৰ টকীয়া নোট এখন দিওতে দোকানীৰ সেইখন জালনোট বুলি সন্দেহ হয়।
দোকানীগৰাকীয়ে কৌশলেৰে বজাৰ সমিতিক এই কথা জনোৱাত বজাৰ সমিতিয়ে প্ৰথমে দুই হাজাৰ টকীয়া নোটখন পৰীক্ষা কৰে । লগতে নোটখন জালনোট বুলি নিশ্চিত হয়। ইয়াৰ পিচত দুয়োৰে লগত থকা আঠ হাজাৰ পাঁচশ টকা পৰীক্ষা কৰিও জালনোট বুলি নিশ্চিত হয় ।
পিচত বৰুৱা বালিঝাৰ বজাৰ সমিতিয়ে মন্দিৰা পহৰা চকীৰ আৰক্ষীক খবৰ দি জালনোটসহ সৰবৰাহকাৰী দুটাক গোটাই দিয়ে। জালনোট সৰবৰাহকাৰী দুটা ইয়াচিন আলী আৰু ৰৌশান আলী বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছে। দুয়োৰে ঘৰ বৰপেটা জিলাৰ কলগছিয়াত। জালনোট সৰবৰাহকাৰী দুটাৰ লগত আৰু এটা সৰবৰাহকাৰী আছিল যদিও ৰাইজৰ চকুত ধুলি দি সেই সৰবৰাহকাৰীটো পলাই পত্ৰং দিয়ে বুলি জানিব পৰা গৈছে।
আৰু পঢ়ক: এইবাৰ ঝাৰখণ্ডত ৰাজনৈতিক সংকট! হ'ব পাৰে চৰকাৰ ভংগ, হেৰুৱাব পাৰে মুখ্যমন্ত্ৰীয়ে পদ…