/asomiyapratidin/media/media_files/2025/02/21/L1iEyCXLBWVt0Wq0PGqy.jpg)
ডিজিটেল ডেস্কঃ হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ খবৰক ভুৱা আখ্যা দিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। উল্লেখ্য যে, চলিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ গণিত বিষয়ৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পাইছিল। ধুবুৰীৰ জাৰুএছাৰ হাই স্কুলৰ পৰীক্ষা কেন্দ্ৰৰ পৰা প্ৰশ্ন কাকত ফাদিল হোৱাৰ এই খবৰক আজি সামাজিক মাধ্যমৰ জৰিয়তে অগ্ৰাহ্য কৰিছে শিক্ষামন্ত্ৰী ডাঃ পেগুৱে।
প্ৰশ্নকাকত ফাদিলৰ বাতৰি প্ৰকাশ পোৱাৰ পাছতে বিষয়টো সন্দৰ্ভত তদন্ত কৰিবলৈ বিদ্যালয়খনত প্ৰশাসনৰ লগতে শিক্ষা বিভাগৰ কেইবাজনো বিষয়া উপস্থিত হয়। বিষয়টোৰ সন্দৰ্ভত তদন্তৰ প্ৰতিবেদনত উল্লেখ কৰা মতে ধুবুৰি জিলা পৰীক্ষা সচিব নিতুল দাস, গৌৰুপুৰৰ BEEO দেৱাশীষ সিংহ, বান্ধিহানা আউটপ’ষ্টৰ এছ আই মানিক সৰকাৰৰ নেতৃত্বত এটা আৰক্ষী দলে ২১ ফেব্ৰুৱাৰী, ২০২৫ তাৰিখে দুপৰীয়া ১-৩০ বজাত পৰীক্ষা কেন্দ্ৰটোত উপস্থিত হয়।
পৰীক্ষা কেন্দ্ৰটোত কঠোৰ নিৰীক্ষণ আৰু আৰক্ষীৰ কঠোৰ সুৰক্ষাৰ মাজত থকাৰ লগতে চিচি টিভিও স্থাপন কৰা আছিল। তাৰোপৰি পৰ্যাপপ্ত আৰক্ষী বিষয়া, কনিষ্টবলো সুৰক্ষাত নিয়োজিত হৈ আছিল। প্ৰতিবেদনত কোৱা হৈছে সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হৈছে যদিও তাৰ সত্যতা প্ৰমাণ কৰিব পৰা নাই। প্ৰশ্ন কাকত ফাদিল কাৰ মোবাইলৰ পৰা হৈছে তাৰো কোনো সঠিক তথ্য নাই। এটা প’ৰ্টেলে প্ৰথমে এই খবৰ প্ৰকাশ কৰিছিল যদিও পৰীক্ষা আৰম্ভ হোৱাৰ আধা ঘণ্টাৰ ভিতৰত সকলো প্ৰমাণসহ সংবাদ দিব পাৰিব লাগিছিল যদিও তেনে কোনো প্ৰমাণিয় বাতৰি প্ৰকাশ নহ’ল। তাৰোপৰি যি হাতে লিখা আৰু জেৰক্স প্ৰশ্ন কাকত ফাদিল হৈছে সেই প্ৰশ্ন কাকতৰ প্ৰকৃত প্ৰশ্ন কাককৰ সৈতে মিল নাই।
ইতিমধ্যে প্ৰশ্ন কাকত ফাদিলৰ ভুৱা খবৰ বিয়পোৱা দুটা ছেটেলাইট নিউজ চেনেলৰ বিৰুদ্ধে বান্ধিহানা আউটপ’ষ্টত এজাহাৰ দাখিল কৰা হৈছে। ছেটেলাইট টেলিভিছন চেনেলৰ সংবাদ দাতা জাফৰ আহমেদ আৰু প’ৰ্টেলৰ সাংবাদিক ৰজু আহমেদক এই ভুৱা খবৰৰ মূল অভিযুক্ত হিচাপে চিনাক্ত কৰা হৈছে। ইতিমধ্যে ৰাজু আহমেদক আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে।
এনেদৰে অসত্য বাতৰি প্ৰকাশ কৰি একাংশ লোকে শৈক্ষিক পৰিবেশ বিনষ্ট কৰিবলৈ অপচেষ্টা চলোৱাৰ অভিযোগ তুলি পৰৱৰ্তী সময়ত এনে অসত্য খবৰ বিয়পালে সকলোৰে ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও প্ৰতিবেদনখনত স্পষ্ট কৰি দিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us