/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/rff.jpg)
ডিজিটেল সংবাদ,নগাঁও: নগাঁৱত আৰক্ষীয়ে চলোৱা এক অভিযানক আটক হৈছে এজন কেৰেলাৰ লোক ৷ কাতিমাৰী পথাৰত দেওঁবাৰে চলোৱা এক অভিযানত জিদিন ভাৰগিজক কৰায়ত্ব কৰাৰ লগতে আন তিনিজনক আটক কৰা হৈছে ৷ আটক হোৱা আন তিনিজন লোকৰ নাম হৈছে তাইজুল ইছলাম,ছহিদুল ইছলাম আৰু মোস্তাফা কালাম ৷
ভাৰগিজে কেৰেলাৰ পৰা নগাঁৱৰ পৰা সোন কিনিবলৈ ৷ কাতিমাৰী পথাৰৰ তাইজুল ইছলামৰ ঘৰত সোনৰ চোৰাঙ বেহা চলি থকাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে ৷ তথ্যৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই এখন সোনৰ নাওঁ আৰু চাৰিটিকৈ সোনৰ বিস্কুত উদ্ধাৰ কৰে ৷
অভিযানত জব্দ নকলসোণৰ নাউ আৰু বিস্কুট৷ এখন নাউ আৰু চাৰিখন সোণৰ বিস্কুটৰ সতে আটক চাৰিটাকৈ সৰৱৰাহকাৰী৷ আটকাধীন সৰবৰাহকাৰী কেইটা ক্ৰমে টাইজুল ইছলাম, ছহিদুল ইছলাম, মুস্তাফা কামাল, জিদিন ভাৰগিজ৷ সৰবৰাহকাৰী কেইটাৰ তিনিটা নগাঁৱৰ আৰু জিদিন ভাৰগিজ কেৰেলাৰ৷ নগাঁও সদৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পমখেদি অভিযান চলায় টাইজুল ইছলাম নামৰ লোকজনৰ কাটিমাৰিৰ বাসগৃহৰ পৰা নকল সোণসহ আটক কৰে সৰবৰাহকাৰীকেইটা ৷
আটাইকেইজনকে আৰক্ষীয়ে আটক কৰি সোন খিনি জব্দ কৰি নগাঁও সদৰ থানালৈ লৈ আহে ৷ প্ৰাৰম্ভিক অনুসন্ধানত আৰক্ষীয়ে জব্দ কৰা সোন খিনি নকল বুলি নিশ্চিত হৈছে যদিও যাৱতীয় পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে আটকাধীন লোক কেইজনক জেৰা কৰি আছে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us