আৰক্ষীৰ গাড়ী খুন্দিয়াই নকল টকা সৰবৰাহকাৰীৰ পলায়নৰ চেষ্টা, আটক…

আৰক্ষীৰ গাড়ী খুন্দিয়াই নকল টকা সৰবৰাহকাৰীৰ পলায়নৰ চেষ্টা, আটক…

author-image
asomiyapratidin
New Update
আৰক্ষীৰ গাড়ী খুন্দিয়াই নকল টকা সৰবৰাহকাৰীৰ পলায়নৰ চেষ্টা, আটক…

ডিজিটেল সংবাদ,নগাঁও: অভিযানকাৰী আৰক্ষীৰ গাড়ীত প্ৰচণ্ড খুন্দা ৷ আৰক্ষীৰ গাড়ী খুন্দিয়াই অপৰাধীয়ে পলাবলৈ চেষ্টা কৰা এক ঘটনা সংঘটিত হৈছে নগাঁৱত ৷ এই ঘটনা সংঘটিত হৈছে ননৈ আৰু বৰঘাট পহৰা চকীৰ মাজত ৷ অৱশ্যে আৰক্ষীয়ে পিছত গাড়ীখনৰ লগতে পাঁচজন লোকক আটক কৰে ৷ জব্দ কৰা গাড়ী খনৰ নম্বৰ হৈছে এম এল ০৫ ইউ ৯০২০ ৷

জানিব পৰা মতে এম এল ০৫ ইউ ৯০২০ নম্বৰৰ গাড়ীখনক নগাঁও আৰক্ষীৰ এটি দলে এ এছ ০২ টি ৬৫৪২ নম্বৰৰ গাড়ী খনে পিছ লৈছিল ৷ মেঘালয়ৰ পঞ্জীয়ন থকা গাড়ীখনত নকল টকা সৰবৰাহ কৰা বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছিল ৷ হোজাইৰ পৰা অহা নিদিষ্ট গাড়ীখন জব্দ কৰিবলৈ চেষ্টা কৰোতে অপৰাধীৰ দলটোয়ে আৰক্ষী গাড়ীখনক খুন্দা মাৰি পলায়ন কৰে ৷

পিছত বৰঘাটৰ পহৰা চকীৰ আৰক্ষীয়ে বাট ভেটি গাড়ীখন ধৰিবলৈ সক্ষম হয় ৷ গাড়ী খনত থকা নকল ধনৰ সৰবৰাহকাৰী মেঘালয়ৰ লামফৰেনগ মৰিয়ম(২৭),জেবা মৰিয়ম(২৩),নাফি থংগনি(২০),গোৱালপাৰাৰ দিনেশ মাৰাক(২৭),আগিয়াৰ লাজা ৰোচ(২৩)ক আটক কৰে ৷ পাঁচজনৰ এজন নকল টকা সৰবৰাহৰে জৰিত নথকাৰ বাবে এৰি দিয়ে ৷ আন কেইজনক নগাঁও সদৰ থানাত আৰক্ষীয়ে সোধপোচ চলাই আছে ৷

আৰু পঢ়ক: বান শিবিৰত নগাঁও জিলা কবি সন্মিলনৰ বান সাহাৰ্য প্ৰদান

nagaon assam Assam police