/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/05cd932a-c425-423e-9ed9-38d4eed58e6a/fdgf.jpg)
ডিজিটেল ডেস্কঃ যোৰাবাটৰ ১৪ মাইলত জালনোটসহ ৩ জনক গ্রেপ্তাৰ। বুধবাৰে যোৰাবাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিহপুৰীয়াৰ মহম্মদ আব্দুল কাদিৰ, ছমিৰউদ্দিনক আৰু গোলাঘাটৰ ৰবি আলীক।
সৰবৰাহকাৰীকেইটাৰ পৰা উদ্ধাৰ ৩ লাখ ৩৩ হাজাৰ টকাৰ জালনোট। আৰক্ষী অহাৰ উমান পাই ধৃত কেইজনে জ্বলাই দিয়ে নোট প্রস্তুত কৰা মেচিন। জব্দ কৰা নোটবোৰ আছিল ৫০০ টকীয়া।
লগতে জব্দ কৰা হৈছে ৩টা মোবাইল ফোন। অধিক তথ্যৰ বাবে তিনিওকে জেৰা অব্যাহত আৰক্ষীৰ।