দ্বিতীয়বাৰ কবৰ খান্দি মৰণোত্তৰ পৰীক্ষা,খড়গপুৰ আৰক্ষীৰ ওপৰত ক্ষুব্ধ উচ্চ ন্যায়ালয়

IIT খড়গপুৰৰ ছাত্র ফাইজান আহমেদৰ হত্যাৰ গোচৰ ৰুজু। কলকাতা উচ্চ ন্যায়ালয়ৰ খড়গপুৰ আৰক্ষীলৈ কঠোৰ নিৰ্দেশনাৰ পাছতেই ৰুজু কৰা হ'ল গোচৰ।

author-image
Asomiya Pratidin
New Update
দ্বিতীয়বাৰ কবৰ খান্দি মৰণোত্তৰ পৰীক্ষা,খড়গপুৰ আৰক্ষীৰ ওপৰত ক্ষুব্ধ উচ্চ ন্যায়ালয়

ডিজিটেল ডেস্কঃ IIT খড়গপুৰৰ ছাত্র ফাইজান আহমেদৰ হত্যাৰ গোচৰ ৰুজু। কলকাতা উচ্চ ন্যায়ালয়ৰ খড়গপুৰ আৰক্ষীলৈ কঠোৰ নিৰ্দেশনাৰ পাছতেই ৰুজু কৰা হ'ল গোচৰ।

Advertisment

হত্যাৰ গোচৰত ধাৰা ৩০২ সন্নিবিষ্ট কৰাৰ নিৰ্দেশ ন্যায়ালয়ৰ। ন্যায়াধীশ ৰাজশেখৰ মান্থাৰ বিচাৰপীঠে এই নিৰ্দেশ জাৰি কৰে। দ্বিতীয় বাৰৰ বাবে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হৈছিল ফাইজানৰ।

২৩ মে', ২০২৩ ত কবৰৰ পৰা খান্দি উলিওৱা হৈছিল ফাইজানৰ মৃতদেহ। দ্বিতীয়বাৰৰ মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদনৰ পিছতে ন্যায়ালয়ে এই নিৰ্দেশ জাৰি কৰে।

উল্লেখ্য যে, ৰেগিঙৰ বলি হৈ আই আই টি খড়পুৰত মৃত্যুক আঁকোৱালি লৈছিল অসম সন্তান ফাইজান আহমেদে। ফাইজানৰ মৃত্যুক লৈ সৃষ্টি হৈছিল ৰহস্যৰ। ৰেগিঙৰ নামত হত্যা কৰাৰ অভিযোগ তুলি পৰিয়ালৰলোকে দাখিল কৰিছিল এজাহাৰ। ইয়াৰ পিছতেই কলিকতা উচ্চ ন্যায়ালয়ে এটাৰ পিছত আন এটা শুনানি গ্ৰহণ কৰাৰ পিছতো প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই ৰেগিঙৰ লগত জড়িত ছাত্ৰ সকলৰ নাম দাখিল নকৰাত ক্ষোভ ব্যক্ত কৰিছিল ন্যায়ালয়ে।

পৰিয়ালটোক ন্যায় প্ৰদান কৰাৰ উদ্দেশ্যেৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইদিনমান দিনৰ পূৰ্বে ঘোষণা কৰিছিল উচ্চ স্তৰীয় তদন্তৰ। যাৰ বাবে চি আই ডিৰ হাতলৈ গৈছিল সমগ্ৰ তদন্ত প্ৰক্ৰিয়া। তাৰপাছত এই তদন্তৰ খাতিৰতেই চি আই ডিয়ে ডিব্ৰুগড়ৰ আমোলাপট্টিস্থিত কবৰস্থানৰ পৰা ফাইজানৰ মৃতদেহ খান্দি উলিয়াই। আনহাতে আই আই চি খড়গপুৰৰ প্রতিনিধিক কবৰস্থানত প্রৱেশ কৰাত বাধা প্ৰদান কৰে চি আই ডিয়ে।

উল্লেখ্য যে, বিগত বছৰৰ ১৪ অক্টোবৰত হোষ্টেলৰ কোঠাৰ পৰাই উদ্ধাৰ হৈছিল ফাইজানৰ অৰ্ধগলিত মৃতদেহ। ইয়াৰ পূৰ্বে ফেব্ৰুৱাৰী মাহত ফাইজানে ৰেগিঙৰ নামত তেওঁৰ ওপৰত চলা অমানুষিক অত্যাচাৰৰ বিষয়ে অভিযোগ উত্থাপন কৰিছিল। কিন্তু আই আই টি কৰ্তৃপক্ষই কোনো পদক্ষেপ হাতত লোৱা নাছিল।

Also Read: ৰেগিঙৰ বলি হৈ আই আই টি খড়পুৰত অসম সন্তানৰ মৃত্যুৰ প্ৰসংগ, ক্ষুব্ধ ন্যায়ালয়

IIT kolkata