/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/3500561d-57bb-4f05-bfdf-1df0e1ee5fd4/eye_clinic.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰ : লায়ন্স ক্লাৱ, কোকৰাঝাৰ গ্ৰেটাৰৰ উদ্যোগত আৰু কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ সহযোগত আজি জিলাখনৰ ভূটীয়াপাৰা ৰাজহুৱা ভৱনত বিনামুলীয়া চকু পৰীক্ষণ শিৱিৰ অনুষ্ঠিত হয়। উক্ত বিনামুলীয়া চকু পৰীক্ষণ শিৱিৰত প্ৰায় অৰ্ধশতাধিক ৰোগীক চিকিৎসকে বিধান দিয়ে ।
ইয়াৰে দহ গৰাকী ৰোগী কেটেৰেক্টত আক্ৰান্ত হোৱা বুলি ধৰা পৰে আৰু লায়ন্স ক্লাৱে উক্ত দহগৰাকী কেটেৰেক্ট ৰোগীক বিনামুলীয়াভাৱে চিকিৎসালয়ত অস্ত্ৰোপচাৰ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।
আজিৰ চকু পৰীক্ষণ শিবিৰত বিশেষজ্ঞ চকু চিকিৎসক অনুভা দাস, অংশুমান কলিতা, লায়ন্স ক্লাৱ, কোকৰাঝাৰ গ্ৰেটাৰৰ উপ সভাপতি ৰাজু বৰ্মন, সম্পাদক প্ৰাণেশ দেৱনাথ, কোষাধ্যক্ষ দিলীপ শেঠীয়া আদিকে ধৰি লায়ন্স ক্লাৱৰ আন সদস্য সকল উপস্থিত আছিল ।