/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/ice.png)
ডিজিটেল সংবাদ, নামৰূপ: বৰফ আইচক্ৰীমৰ নামত বৰবিহ খাইছে নামৰূপৰ ৰাইজে। বৃহস্পতিবাৰে নামৰূপৰ বৰফ ফেক্টৰীত ম্যাদ ওকলা বিভিন্ন ফ্লেভাৰ ব্যৱহাৰ কৰি আইছক্ৰীম প্ৰস্তুত কৰাৰ তথ্য উদ্ধাৰ কৰে বীৰ লাচিত সেনা নামৰূপ আঞ্চলিকে।
বিভিন্নজনৰ অভিযোগৰ ভিত্তিত আজি দুপৰীয়া বীৰ লাচিত সেনা ডিব্ৰুগড় জিলাৰ সচিব প্ৰাণজিত গগৈৰ নেতৃত্বত নামৰূপ আঞ্চলিকৰ এটা সজাতি দলে নামৰূপ দিল্লী গাঁৱৰ কমলাপুৰী বৰফ ফেক্টৰীত অভিযান চলাই বিভিন্ন ফ্লেভাৰৰ ম্যাদ ওকলা ৰাসায়নিক দ্ৰব্য উদ্ধাৰ কৰে।
সাধাৰণতে আইছক্ৰীম প্ৰস্তুত কৰোঁতে স্বাদ ভেদে বিভিন্ন ৰাসায়নিক পদাৰ্থ ব্যৱহাৰৰ কৰে। আজিৰ অভিযানত তেনে ম্যাদ ওকলা কেইবাটাও ৰাসায়নিক পদাৰ্থৰ বটল উদ্ধাৰ কৰাৰ লগতে এই ফ্লেভাৰ ব্যৱহাৰ কৰি প্ৰস্তুত কৰা বহু আইছক্ৰীম নষ্ট কৰে বীৰ লাচিত সেনাই লগতে এই সন্দৰ্ভত ফেক্টৰীৰ স্বত্বাধিকাৰীক জবাব দিহিও কৰে। ইয়াৰ পিছতে বীৰ লাচিত সেনাৰ ডিব্ৰুগড় জিলাৰ সচিব প্ৰাণজিত গগৈ নেতৃত্বত সজাতিৰ দল টোৱে ঘটনা সন্দৰ্ভত নামৰূপ থানাটো অভিযোগ দাখিল কৰে।
আৰু পঢ়ক: বকোত চলন্ত ৰে'লৰ পৰা জপিয়ালে এজনে…