ঢকুৱাখনাত আবকাৰী বিভাগৰ অভিযানত চুলাই ঘাটি উচ্ছেদ

৭০ লিটাৰ চুলাই বিনষ্ট

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত আবকাৰী বিভাগৰ অভিযানত চুলাই ঘাটি উচ্ছেদ

dhokuakhana dhokuakhana

ডিজিটেল সংবাদ ঢকুৱাখনা : ঢকুৱাখনা আবকাৰী চক্ৰৰ অন্তৰ্গত বিভিন্ন গ্ৰামাঞ্চলত সোমবাৰে  অবৈধ চুলাই বিৰোধী  অভিযান চলোৱা হয় । লখিমপুৰ জিলা আবকাৰী বিভাগৰ অধীক্ষক শান্তনু হাজৰিকাৰ নেতৃত্বত,ঢকুৱাখনা আবকাৰী বিভাগৰ চক্ৰ পৰিদর্শক  ভূপেন শইকীয়াৰ তত্বাৱধানত আৰু লখিমপুৰ সদৰ আবকাৰী চক্ৰৰ সহকাৰী আবকাৰী পৰিদর্শক দিলীপ কলিতাৰ সহযোগত ঢকুৱাখনা চক্ৰৰ অন্তৰ্গত বাহপৰা  ,বৰবাৰী গাঁও , বকুলগুৰি ,দক্ষিণ চাপৰি , থেকেৰাগুৰি  ,ঘিলামৰাৰ দীঘলী আদি গ্ৰামাঞ্চলত  বিশাল আবকাৰী আৰু লখিমপুৰ আৰক্ষী চাউনিৰ আৰক্ষী বাহিনীৰ  সহযোগিতাৰে চলোৱা অভিযান কালত হাবি জংঘল , ধাননি পথাৰৰ মাজত আৰু ঘৰৰ ভিতৰত মজুত ৰখা  বৃহৎ পৰিমাণৰ অবৈধ  চুলাই মদ নষ্ট কৰি চুলাই ঘাটিসমূহ উচ্ছেদ কৰা হয় ।

অভিযানকাৰী দলটোৱে  প্ৰায় ২৪০০ লিটাৰ চুলাই প্ৰস্তুত কৰিবলৈ মজুত ৰখা পাজ , ৭০ লিটাৰ চুলাই মদ বিনষ্ট কৰে আৰু ৭ টা চুলাই  ভাতী উচ্ছেদ কৰে । দলটোৱে এই সন্দৰ্ভত ৫ টা গোচৰ ৰুজু কৰিছে আৰু বৃহৎ পৰিমাণৰ চুলাই প্ৰস্তুত কৰাৰ বাবে ব্যৱহৃত সা-সঁজুলি ভাঙি বিনষ্ট কৰে। 

সামাজিক অপৰাধ আৰু ব্যাধি স্বৰূপ এই অবৈধ চুলাইৰ বিৰুদ্ধে নিৰন্তৰ অভিযান অব্যাহত থাকিব বুলি আবকাৰী অধীক্ষক হাজৰিকা আৰু চক্ৰ পৰিদর্শক শইকীয়াই জানিবলৈ দি  এনে  বেআইনী কাৰ্যকলাপ নকৰিবলৈ চুলাই বেপাৰীসকলক অন্তিম সকিয়নী প্ৰদান কৰিছে  ।

lakhimpur DHOKUAKHANA