জোনাইত প্ৰাথমিক শিক্ষক সন্মিলনীৰ মত-বিনিময় সভা

জোনাইত প্ৰাথমিক শিক্ষক সন্মিলনীৰ মত-বিনিময় সভা

ডিজিটেল সংবাদ,জোনাই : অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বান মৰ্মে জোনাইত প্ৰাথমিক শিক্ষক সন্মিলনীৰ মত-বিনিময় সভা অনুষ্ঠিত কৰা হয়। প্রাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ দাবীত জোনাই মহকুমা প্রাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত দেওবাৰে শিক্ষক ভৱনত সচেতন নাগৰিক সৈতে মত-বিনিময় সভা এখন অনুষ্ঠিত কৰা হয়।

জোনাই মহকুমা নিখিল বড়ো প্ৰাথমিক শিক্ষক সন্থা, সদৌ অসম প্রাথমিক টেট উত্তীর্ণ শিক্ষক সমাজ, সদৌ অসম ষ্টেটপুল শিক্ষক সন্থাৰ সহযোগত উক্ত সভাখনৰ আয়োজন কৰা হয়। সভাখন সঞ্চালনা কৰে জোনাই মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ মুখ্য উপদেষ্টা লীলা টায়েই।

প্রাথমিক বিদ্যালয়সমূহত প্রধান শিক্ষকৰ পদ সৃষ্টিৰ লগতে শিক্ষানুষ্ঠানৰ সমস্যাৰ স্থায়ী সমাধানৰ স্বাৰ্থত প্রাথমিক শিক্ষক সম্মিলনীয়ে চলাই নিয়া অবিৰত সংগ্ৰামৰ পৰৱৰ্তী ৰূপৰেখা প্ৰস্তুততৰ উদ্দেশ্যে এই সভাখন অনুষ্ঠিত হয় বুলি উদ্যোক্তাই মন্তব্য কৰে।মত-বিনিময় সভাত জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰতাপ চন্দ্ৰ পাৱ, কৰ্জুন পাইত, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি জ্ঞান শৰ্মা, ব্ৰজ কুমাৰ দলে, আছু, সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ প্ৰতিনিধি, জোনাই মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনৰ সভাপতি মৃণাল কুলি আৰু বিষয়-ববীয়াৰ লগতে ভালেসংখ্যক শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থাকে।

সভাত জোনাই মহকুমা প্রাথমিক শিক্ষক সম্মিলনীৰ সাধাৰণ সম্পাদক নিপেন বুঢ়াগোঁহায়ে আদৰণি ভাষণ ৰাখে। তেওঁ কয় "দেশে স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰ পাচতো ৰাজ্যৰ প্রাথমিক বিদ্যালয়ত প্রধান শিক্ষকৰ পদ সৃষ্টি নকৰাত মুৰব্বীবিহীনভাৱে চলিব লগা হৈছে।

অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে ১৯৮২ চনৰ পৰা শিক্ষানুষ্ঠানসমূহ গতিশীল কৰাৰ স্বাৰ্থত প্রধান শিক্ষকৰ পদ সৃষ্টিৰ পক্ষত ধাৰাবাহিকভাৱে সংগ্ৰাম কৰি আহিছে। সন্মিলনীয়ে সংগ্ৰামৰ সমান্তৰালভাৱে ৰাজ্য চৰকাৰৰ সৈতে আলাপ-আলোচনাও আগবঢ়াই আহিছে।

এনে পৰিক্ৰমাৰ ফলতেই প্রাথমিক শিক্ষকৰ একতাক স্বীকৃতি দি ৰাজ্যৰ শিক্ষা বিভাগে ২০২০ চনৰ ১৭ ডিচেম্বৰত সঞ্চালকলৈ প্ৰেৰণ কৰা এখন পত্রযোগে প্রধান শিক্ষকৰ পদ সৃষ্টিৰ সমস্যাটো সমাধানৰ বাট প্রশস্ত কৰিছিল। কিন্তু বিগত দিনত বিত্ত বিভাগৰ অনুমোদন নোহোৱাৰ দোহাই দি বিভাগৰ সিদ্ধান্ত চৰকাৰীভাবে কাৰ্যকৰী নকৰাকৈ বিৰত থাকে।"

লগতে উল্লেখ কৰে যে, শেহতীয়াকৈ সম্মিলনীৰ লগতে নিখিল বড়ো প্রাথমিক শিক্ষক সন্থা, সদৌ অসম টেট উত্তীর্ণ শিক্ষক সমাজ আৰু সদৌ অসম ষ্টেটপুল শিক্ষক সন্থাৰ ৩০জনীয়া প্রতিনিধি দলৰ সন্মুখত বিগত বৰ্ষৰ ২১ ডিচেম্বৰত শিক্ষা মন্ত্ৰীয়ে নিজৰ তত্ত্বাৱধানত বিত্ত বিভাগৰ অনুমোদন গ্ৰহণৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু বিগত ৪মাহে চৰকাৰে কেনো যোগাত্মক পদক্ষেপ গ্রহণ নকৰিলে।

ইয়াৰ বিপৰীতে স্বীকৃতিবিহীন পদত সেৱা আগবঢ়াই থকা শিক্ষকসকলৰ ওপৰত প্ৰতিদিনে নতুন নতুন কামৰ বোজা জাপিহে থাকিল। ইয়াৰ প্ৰতিবাদত প্রধান শিক্ষকৰ পদ সৃষ্টি নোহোৱা পর্যন্ত ৰাজ্যৰ প্রাথমিক শিক্ষকে শিক্ষা সেতুৰ কাৰ্যসূচীত সহযোগ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু এই সংগ্রাম অব্যাহত আছে বুলি মন্তব্য কৰে।

সভাত জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰতাপ পাৱই প্ৰধান শিক্ষক নিযুক্তি নিদিয়াটো অতি দুখৰ বিষয় বুলি উল্লেখ কৰে। তেওঁ কয় প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক পদ সৃষ্টিৰ বাবে সৰ্বাত্মক আন্দোলনৰ পোষকতা কৰে।

ইপিনে সভাত প্রাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ বিষয়টো শিক্ষানুষ্ঠানৰ সমস্যা হিচাপে চিহ্নিত কৰি অসমীয়া মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহৰ প্রশাসনিক দিশৰ পৰা শক্তিশালী কৰাৰ স্বাৰ্থত অতি শীঘ্ৰে প্রাথমিক বিদ্যালয়ত প্রধান শিক্ষকৰ পদ সৃষ্টিৰ বাবে ৰাজ্য চৰকাৰৰ ওচৰত দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰে। অন্যথাই বিভিন্ন সংগঠন আৰু ৰাইজৰ সহযোগত সৰ্বাত্মক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে।

জোনাইত প্ৰাথমিক শিক্ষক সন্মিলনীৰ মত-বিনিময় সভা
জামুগুৰিহাটত একাধিক প্ৰকল্প উদ্বোধন বিধায়ক পদ্ম হাজৰিকাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in