নৈশ পাঠদানেৰে চৰ্চালৈ অহা এখন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়

ব্যতিক্ৰমীতাৰ অনুকৰণযোগ্য এক দৃষ্টান্ত
নৈশ পাঠদানেৰে চৰ্চালৈ অহা এখন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়

ডিজিটেল সংবাদ, বান্দৰদেৱা : কেৱল দিনতেই নহয়; ৰাতিও পাঠদান কৰা এখন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়। সততে কেতবোৰ বিদ্যায়তনিক কাম কাজৰ বাবে কিছু ব্যতিক্ৰম এই বিদ্যালয়খন। লখিমপুৰ জিলাৰ পিঠাগুৰি চাৰিআলিস্থিত জৱাহৰজ্যোতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেৱল দিনতেই নহয় শেহতীয়াকৈ সংযোজন কৰা হৈছে নৈশ পাঠদানৰ।

সন্ধিয়া ঠিক পাঁচ বজাৰ পৰা নিশা ন বজালৈ মুঠ চাৰিঘন্টাৰ বাবে দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলক বিদ্যালয়ত গঢ়ি দিয়া হৈছে পঢ়াৰ পৰিৱেশ। এই পৰিৱেশ দিনৰ শ্ৰেণীকোঠাৰ পৰিৱেশৰ লগত নিমিলে। নাই সততেই দেখা শ্ৰেণীকোঠাৰ হাই উৰুমি অথবা উশৃংখল শাসন নমনা উদ্ভণ্ডালি। বিদ্যালয়খনৰ অধ্যক্ষ হৰি ভাগৱতীৰ উপস্থিতিৰ উপৰি নৈশ পাঠদানত প্ৰতিদিনে সালসলনিকৈ পাঠদানৰ দায়িত্বত থাকে দুজনকৈ শিক্ষক।

একেদৰেই দায়িত্ব সালসলনিকৈ থাকে তিনি গৰাকী মহিলা অভিভাৱক। শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ বাবে পঢ়াৰ মাজতে সন্ধিয়াৰ চাহ কাপৰ ব্যৱস্থাও এই দায়িত্বত থকা মহিলা সকলেই যোগান ধৰে।

অৱশ্যে এনেদৰে এই নৈশ পঢ়া শুনাৰ ব্যৱস্থা কেৱল দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবেহে ব্যৱস্থা কৰিছে অধ্যক্ষ হৰি ভাগৱতীয়ে। অধ্যক্ষ গৰাকীয়ে জনোৱা মতে সন্ধিয়া ঘৰত সততে পঢ়া শুনা নকৰা ছাত্ৰ ছাত্ৰীৰ বাবে এই ব্যৱস্থাটো যথেষ্ট ফলপ্ৰসূ হৈছে।সন্ধিয়া পাঁচ বজাৰ পৰা নিশা ন বজালৈ শিক্ষকৰ তত্বাৱধানত বিদ্যালয়ত ছাত্ৰ ছাত্ৰী সকলে বাধ্যতামূলকভাবে পঢ়া শুনা কৰিব লগা হোৱাত তেঁওলোকৰ পাঠ আয়ত্তকৰণত এই ব্যৱস্থাটো সহায়ক হৈছে।

দশম শ্ৰেণীৰ কেইগৰাকীমান ছাত্ৰ ছাত্ৰীৰে 'প্ৰতিদিন'ৰ বাৰ্তালাপত পোনপটীয়াকৈ তেঁওলোক উপকৃত হোৱা বুলিয়েই ব্যক্ত কৰিলে। দৰিদ্ৰতাৰ বাবে ঘৰুৱা শিক্ষকৰ ব্যৱস্থা লব নোৱাৰা ছাত্ৰ ছাত্ৰীকো এই ব্যৱস্থাই উপকৃত কৰিছে ভালদৰেই। একেই কথা অভিভাৱকৰো। অঞ্চলটোৰ একাংশ ছাত্ৰ ছাত্ৰীৰ পিতৃ কৰ্মসূত্ৰে ৰাজ্যৰ বাহিৰত থকা হেতুকে ঘৰত এৰাল ছিঙা চৰিত্ৰৰ এনে ছাত্ৰ ছাত্ৰীৰ অধ্যয়নবিমুখিতাৰ বিপৰীতে এই পদক্ষেপ নিসন্দেহে ফলদায়ক হব।

উল্লেখযোগ্য যে ব্যতিক্ৰমতাৰ পৰিচয় দি অহা জৱাহৰজ্যোতি উচ্চতৰ মাধ্যমু বিদ্যালয়ত কেইবাটাও ব্যতিক্ৰম প্ৰচেষ্টা দীৰ্ঘদিন ধৰি অব্যাহত আছে। নিসন্দেহে এই প্ৰচষ্টাৰ প্ৰচাৰ আৰু প্ৰসাৰে আনবোৰ বিদ্যালয়লৈকো এক আশাৰ বতৰা কঢ়িয়াই আনিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in