আমিনুল হকৰ দাবী সন্দৰ্ভত মন্তব্য দিলে নিৰীক্ষকে

author-image
Asomiya Pratidin
New Update
আমিনুল হকৰ দাবী সন্দৰ্ভত মন্তব্য দিলে নিৰীক্ষকে

ডিজিটেল ডেস্ক : ৰাতিপুৱাৰে পৰা সমগ্ৰ ৰাজ্যতে তোলপাৰ লগোৱা আমিনুল হকৰ অভিযোগৰ পাছতেই এই বাৰ মন্তব্য প্ৰদান কৰিছে উক্ত পৰীক্ষাৰ নিৰীক্ষকদ্বয়ে। জুৰীয়াৰ আমিনুল হকে দিয়া ফেছবুক প'ষ্ট অনুসৰি উকা উত্তৰ বহী জমা দিবলৈ চেষ্টা কৰিছিল ৰোল নং-১২৬৯০০৪২ ৰ পৰীক্ষাৰ্থী জনে । আন পৰীক্ষাৰ্থী সকলে প্ৰতিবাদ কৰাৰ পাছত হে ৫-৬ টা প্ৰশ্নৰ উত্তৰ কৰিছিল অ' এম আৰ শ্বীটত ।

এই প'ষ্ট দিয়া হৈছিল ২০২২ চনৰ ১৩ মাৰ্চত পৰীক্ষাৰ দিনাই । পৰৱৰ্তী সময়ত পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ পাছত উক্ত ৰোল নম্বৰৰ পৰীক্ষাৰ্থীজনে পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত আমিনুলে প্ৰমাণ সহকাৰে দিছিল আন এক প'ষ্ট । 

আমিনুলৰ দাবীৰ পাছতেই সংবাদ মাধ্যমৰ সন্মুখত এই সন্দৰ্ভত মন্তব্য প্ৰদান কৰে উক্তদিনা উপস্থিত থকা নিৰীক্ষকদ্বয়ে । অভিযোগ উত্থাপন হোৱা ৰোল নম্বৰৰ পৰীক্ষাৰ্থী জন হিন্দীভাষী হোৱা বাবেই হেনো অ' এম আৰ শ্বীট খন বুজি পোৱাত অসুবিধা হৈছিল পৰীক্ষাৰ্থী জনৰ । সেই বাবেই উকা উত্তৰ বহী জমা দিয়া বুলি জনায় নিৰীক্ষকদ্বয়ে ।

এতিয়া প্ৰশ্ন হয়, অ' এম আৰ শ্বীটত বুজি নাপাবলৈ এনেকুৱা কি আছিল ? প্ৰশ্নৰ বিপৰীতে উত্তৰৰ বাবে দাগ দিব লাগে অ' এম আৰ শ্বীটত । ইয়াৰ উপৰিও ভাষাগত অসুবিধা হ'বলৈ অন্য ৰাজ্যৰ পৰীক্ষাত কিয় অৱতীৰ্ণ হৈছিল পৰীক্ষাৰ্থী গৰাকী ?  নিৰীক্ষক দুগৰাকীয়ে নিজৰ চাকৰি ৰক্ষা কৰিবলৈ দিলে নেকি এই ভাষ্য ?

assam himanta biswa sama