/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/bea6daac-b8a3-46a1-bf68-7b9fb4ffee76/gauhati_university.jpg)
ডিজিটেল ডেস্ক: মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিথি উপলক্ষে অহা ১৫ ছেপ্তেম্বৰত অনুষ্ঠিত হ'ব লগীয়া পৰীক্ষাৰ দিন সলনি কৰিলে গুৱাহাটী বিশ্ববিদ্যালয়ে । বিশ্ববিদ্যালয় কৰ্তৃপক্ষই দিয়া এক সংবাদ বিজ্ঞপ্তি অনুসৰি এই দিনাংক সলনি কেৱল গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন পাঠ্যক্ৰমৰ বিভিন্ন ষান্মাসিকৰ অনুষ্ঠিত হৈ থকা পৰীক্ষাৰ বাবেহে । উক্ত দিনাৰ সলনি পৰৱৰ্তী সময়ত অনুষ্ঠিত হ'ব লগীয়া পৰীক্ষাৰ দিনাংক অতি সোনকালেই ঘোষণা কৰা হ'ব বুলি জানিবলৈ দিয়া বিশ্ববিদ্যালয় খনৰ কৰ্তৃপক্ষই ।
উল্লেখ্য যে, অসম চৰকাৰে পূৰ্বে ঘোষণা কৰা ১৪ ছেপ্তেম্বৰৰ বন্ধৰ দিন সলনি কৰি ১৫ ছেপ্তেম্বৰ কৰাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী বিশ্ববিদ্যালয়ে লয় এই সিদ্ধান্ত ।