CIDৰ কাৰ্যালয়ত উপস্থিত ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰকসহ কৰ্মচাৰী

ছেবাৰ কৰ্মচাৰী কেইগৰাকীয়ে কাৰ্যালয়লৈ লগত কিছু নথি পত্ৰও আনিছে

author-image
Asomiya Pratidin
New Update
CIDৰ কাৰ্যালয়ত উপস্থিত ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰকসহ কৰ্মচাৰী

ডিজিটেল ডেস্কঃ ৰাজ্যত চলি থকা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলক কেন্দ্ৰ চলি আছে বিভিন্ন প্ৰতিবাদ। বিভিন্ন দল-সংঠনকে ধৰি একাংশ ছাত্ৰ-ছাত্ৰীয়েও বামুণীমৈদামস্থিত অসম মাধ্য়মিক শিক্ষা পৰিষদ (ছেবা)ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছিল।

Advertisment

আনকি শিক্ষান্ত্ৰী,পৰীক্ষা নিয়ন্ত্ৰকক অপসাৰণৰো সজোৰে দাবী উত্থাপন কৰিছিল। এইসমূহ ঘটনাৰ মাজতে সোমবাৰে CIDয়ে তলব কৰাৰ পাছতে CIDৰ কাৰ্যালয়ত উপস্থিত হয় ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰক নয়ন জ্যোতি শর্মাসহ দুই কৰ্মচাৰী।

তেওঁলোক হ'ল ক্ৰমে কাৰ্যালয় সহায়ক কুশল দাস আৰু এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী। পৰীক্ষাৰ প্রশ্নকাকত ফাদিল সন্দৰ্ভত CIDয়ে তলব কৰিছে ছেবাৰ এই ৩ কৰ্মচাৰীক।

জানিব পৰা মতে, ছেবাৰ কৰ্মচাৰী কেইগৰাকীয়ে কাৰ্যালয়লৈ লগত কিছু নথি পত্ৰও আনিছে ।

Also Read: বিভিন্ন দাবীৰে কাজলগাঁৱত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ প্ৰতিবাদ

cid seba