অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ মহানুভৱতাৰ শলাগ জয়ন্তীপুৰবাসীৰ

পেঞ্চনৰ দহ লাখ টকা ব্যয় কৰিলে ৰাজহুৱা উন্নয়নৰ স্বাৰ্থত

author-image
Asomiya Pratidin
New Update
অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ মহানুভৱতাৰ শলাগ জয়ন্তীপুৰবাসীৰ

ডিজিটেল সংবাদ, কলিয়াবৰঃ কলিয়াবৰৰ জয়ন্তীপুৰৰ ঐতিহাসিক হজৰত শ্বেৰশ্বাহ ফকীৰ দৰগাহ শ্বৰীফৰ উন্নয়নৰ বাবে ১০ লাখ টকাৰ অনুদান আগবঢ়াইছে এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াই । শ্বেখ ফৰিদ আলিৰ দ্বিতীয় পুত্ৰ, অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত উপ-পৰিদৰ্শক তফজুল আলীয়ে অৱসৰৰ সময়ত লাভ কৰা পেঞ্চনৰ ধনৰ ১০ লাখ টকা আগবঢ়াইছে দৰগাহ উন্নয়নৰ বাবে । তফজুল আলীয়ে আগবঢ়োৱা এই ধন ৰাশিৰে হজৰত ছেৰছাহ ফকীৰ দৰগাহ শ্বৰীফ চৌহদৰ পকী বেৰ, গম্বুজসহ মূল তোৰণকে ধৰি শৌচাগাৰ আৰু প্ৰসাৱগাৰ নিৰ্মাণত ব্যয় কৰা হ'ব ।

Advertisment

১৬৭৫ খ্ৰীষ্টাব্দতে স্থাপিত প্ৰায় ছয় শ বছৰ পুৰণি হজৰত শ্বেৰশ্বাহ ফকীৰ দৰগাহ শ্বৰীফৰ মূল তোৰণৰ আধাৰশিলা দেওবাৰে এক গাম্ভীৰ্য্যপূৰ্ণ পৰিবেশত ইছলাম ধৰ্মীয় ৰীতি-নীতিৰে আধাৰশিলা কৰে নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি পবিত্ৰ কুমাৰ দাসে । আধাৰশিলা অনুষ্ঠানত হজৰত ছেৰছাহ ফকীৰ দৰগাহ শ্বৰীফৰ পৰিচালক তথা পীৰ শ্বাহচুফী আলহাজ আব্দুৰ ৰহমান ফকীৰ সভাপতি নুৰ উদ্দিন আহমেদ, সম্পাদক তফজুল আলি, কাৰ্যকৰী সভাপতি চফিজুল হক,আলহাজ বদিৰত আলী মজিবুৰ হক, জহিৰুল ইছলাম, সোনমনি আলীকে ধৰি স্থানীয় বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে ।

উল্লেখ্য যে,চৰকাৰী চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰি তফজুল আলীয়ে গাঠিৰ ধন ব্যয় কৰি দৰগাহ শ্বৰীফৰ উন্নয়নৰ বাবে ১০ লাখ টকা আগবঢ়োৱা মহানুভৱতাৰ এতিয়া শলাগ লৈছে জয়ন্তীপুৰবাসী ৰাইজে ।

assam Kaliabar